অসম

assam

ETV Bharat / state

এইবাৰ ওলাল নকল সোণৰ নাওঁ - gold

গহপুৰৰ হেলেমত নকল সোণৰ নাওঁ উদ্ধাৰ । জানো আহক ঘটনাৰ সবিশেষ ৷

fake-golden-boat-seized-by-police-in-biswanath
এইবাৰ ওলাল নকল সোণৰ নাওঁ

By

Published : Nov 19, 2021, 5:33 PM IST

বিশ্বনাথ, 19 নৱেম্বৰ :আমাৰ সমাজত সোণৰ আছে বিশেষ গুৰুত্ব ৷ সততে সোণ ৰূপৰ গহনাই আকৰ্ষণ কৰি আহিছে আমাৰ সমাজক ৷ আনকি বিপদৰ সময়তো গহনা গাথৰি বন্ধকত থৈ অথবা বিক্ৰী কৰিয়েই বিভিন্ন সময়ত বিভিন্ন বিপদৰ পৰা উদ্ধাৰ হৈছে বহু মানুহ ৷

সোণ-ৰূপৰ গহনাৰ প্ৰতি থকা আমাৰ এই দুৰ্বলতাৰে সুযোগ লৈ সময়ে সময়ে এচাম প্ৰৱঞ্চকে চলাই গৈছে বিভিন্ন ধৰণৰ প্ৰবঞ্চনা ৷ শেহতীয়াকৈ, গহপুৰত দিনক দিনে বৃদ্ধি পাই আহিছে নকল সোণৰ বেহা । এনে সময়তে, গহপুৰৰ টকৌবাৰীৰ বৃহস্পতিবাৰে সোণ ক্ৰয় কৰিবলৈ আহিছিল ঝাড়খণ্ডৰ ৮ জনীয়া এটা দল ।

এইবাৰ ওলাল নকল সোণৰ নাওঁ

টকৌবাৰীৰ ধনঞ্জয় শইকীয়া নামৰ লোকজনৰ ঘৰত সাত লাখ টকাৰ প্ৰায় ডেৰ কেজি ওজনৰ সোণ ক্ৰয় কৰি ওভতাৰ পথত আৰক্ষীৰ তালাচী অভিযানৰ সময়ত ধৰা পৰে সোণ সহ যুৱকৰ দলটো ।

জানিব পৰা মতে ধৃত যুৱক কেইজনৰ নাম ঝাৰখণ্ডৰ বিজয় কুমাৰ মাহাতু, অৰুণ কুমাৰ, মুন্না কুমাৰ, দিপেশ কুমাৰ,ৰৌশন কুমাৰ, অমিত কুমাৰ ৰাম, মুচিত আনচাৰী, পশ্চিম বংগ কোচবিহাৰৰ চফিউল মহম্মদ আৰু গহপুৰৰ টকৌবাৰীৰ ধনঞ্জয় শইকীয়া ৷ আটাইকেইজনকে আটক কৰি সম্প্ৰতি সোধ পোছ অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে ।

লগতে পঢ়ক :MLA Fund ৰ পৰিমাণ ২ কোটি কৰাৰ দাবী বিধায়ক নজৰুল হকৰ

ABOUT THE AUTHOR

...view details