অসম

assam

ETV Bharat / state

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ - বিহালী

এটা ফেচবুক পোষ্ট আৰু বিহালীৰ এগৰাকী কিশোৰী ৷ চীন সীমান্তৰ টাকচিঙত নামৰ এক দুৰ্গম অঞ্চলত আৱদ্ধ হৈ থকা কিশোৰীগৰাকীয়ে অৱশেষত সন্ধান পালে আপোন ঘৰৰ ৷

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ

By

Published : Jul 2, 2019, 7:19 PM IST

বিহালী, 2 জুলাই : এটা ফেচবুক পোষ্ট আৰু বিহালীৰ এগৰাকী কিশোৰী ৷ বিগত 6 টা বছৰে অৰুণাচলৰ চীন সীমান্তৰ টাকচিঙত নামৰ এক দুৰ্গম অঞ্চলত আৱদ্ধ হৈ থকা কিশোৰীগৰাকীয়ে অৱশেষত সন্ধান পালে আপোন ঘৰৰ ৷ এগৰাকী অচিনাকী যুৱকে নিজ ফেচবুক একাউণ্টযোগে দিয়া পোষ্টৰ বাবেই হেৰুৱা ঘৰ ঘূৰাই পালে বিশ্বনাথৰ বিহালী বেদেতী চাহবাগিচাৰ কিশোৰীগৰাকীয়ে ৷

এটা ফেচবুক পোষ্টে সন্ধান দিলে আপোন ঘৰৰ

ধেমাজিৰ ৰাজীৱ গগৈ নামৰ যুৱকজনে তেওঁৰ ফেচবুক একাউণ্টযোগে প্ৰকাশ কৰিছিল কিশোৰীগৰাকীৰ জীৱন গাঁথা ৷ সেই ফেচবুক পোষ্টটো লখিমপুৰ লালুকৰ প্ৰশান্ত শইকীয়া নামৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ প্ৰেৰণ কৰাত সাংবাদিকগৰাকীয়ে পূজা সন্ধানত নামি পৰে আৰু শইকীয়াই বিহালী আন এগৰাকী সাংবাদিকৰ লগত যোগাযোগ কৰাত ঘৰ বিচাৰি পায় কিশোৰীগৰাকীৰ । ইফালে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে অৰুণাচলৰ আৰক্ষী লগত যোগাযোগ কৰি কিশোৰীগৰাকীয়ে নিজ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হয় । আনহাতে এই ঘটনা বিহালীত বিয়পি পৰাত বিহালী আদিবাসী ছাত্ৰ সন্থাই বিহালী আৰক্ষী গৰাকী এনে কাৰ্য বাবে ধন্যবাদ জনায় ।

ABOUT THE AUTHOR

...view details