বিশ্বনাথ, ৯ নৱেম্বৰঃবিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ বিধানসভা সমষ্টিৰ টকৌবাৰীত সোমবাৰে বিজেপিৰ বিশ্বনাথ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। টকৌবাৰী গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জিলা কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰুৱাই ৷
বিশ্বনাথত বিজেপিৰ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা - Kisan Morcha
বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ বিধানসভা সমষ্টিৰ টকৌবাৰীত সোমবাৰে বিজেপিৰ বিশ্বনাথ জিলা কিষান মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। টকৌবাৰী গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰুৱাই ৷
![বিশ্বনাথত বিজেপিৰ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা Executive meeting of BJP District Kisan Morcha at Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9491054-411-9491054-1604934177643.jpg)
বিশ্বনাথত বিজেপিৰ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
তদুপৰি সভাত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা,বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ লগতে বহু শীৰ্ষ বিষয়ববীয়া ৷ সভাত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় ৷
লগতে পঢ়কঃনীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ