বিশ্বনাথ, ২৭ ছেপ্টেম্বৰ:বিশ্বনাথৰ গহপুৰ সমষ্টিৰ টকৌবাৰীস্থিত "মা কামাখ্যা চাহ উদ্যোগ"ৰ স্বত্বাধিকাৰী মনোজ আগৰৱালাৰ বিৰুদ্ধে শ্ৰমিকক শোষণ চলাই অহাই অভিযোগ উত্থাপিত হৈছে ৷ স্বত্বাধিকাৰী মনোজ আগৰৱালাই "লেৱাৰ ৱেজ এক্ট" ভংগ কৰি থলুৱা শ্ৰমিকক কৰ্মত নিয়োজিত কৰাৰ লগতে তেওঁলোকৰ ওপৰত অভব্য আচৰণ কৰি অহাৰ অভিযোগ কৰিছে উদ্যোগটোৰ শ্ৰমিকে । তেওঁ ইমানতেই ক্ষান্ত নাথাকি বিভিন্ন চক্ৰান্তৰে প্ৰায় ১৪ জন থলুৱা শ্ৰমিক-কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰো অভিযোগ কৰিছে মা কামাখ্যা চাহ উদ্যোগৰ শ্ৰমিকে ৷
শেহতীয়াকৈ ব্যৱসায়ী মনোজ আগৰৱালাৰ চক্ৰান্তৰ বলি হৈছে এজন প্ৰাক্তন আলফা সদস্য বাবুল কোঁৱৰ ৷ বাবুল কোঁৱৰে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়চোৱাত স্বাধীন অসম নিৰ্মাণৰ স্বপ্ন বিভোৰ হৈ ৮০ দশকৰ মধ্যভাগত আলফাত যোগ দিছিল ৷ পৰৱৰ্তী সময়ত অস্ত্ৰ ত্যাগ কৰি মুলসূঁতিলৈ ঘূৰি আহি সাংসাৰিক জীৱনৰ পাতনি মেলে বাবুল কোঁৱৰে ৷
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মুলসুঁতিলৈ উভতি অহা বাবুল কোঁৱৰে চৰকাৰে প্ৰাক্তন আলফা সৈনিকৰ প্ৰতি আগবঢ়োৱা ২ লাখ টকাৰ ৰাজসাহাৰ্য গ্ৰহণ নকৰি স্বাভাৱিক জীৱন আৰম্ভ কৰে ৷ নিজৰ পৈতৃক মাটি কেইডৰাতে খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰি আহিছিল বাবুল কোঁৱৰে ৷ কিন্তু সংসাৰৰ দায়িত্ব বৃদ্ধি পোৱাত আৰু পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ বাবে ২০২২ চনৰ ১ জুলাইত মা কামাখ্যা চাহ উদ্যোগত গেট কিপাৰ হিচাপে চাকৰিত যোগদান কৰে ৷