অসম

assam

ETV Bharat / state

প্ৰাক্তন বিজেপি সাংসদৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ - Ex MP RP Sarma Interview with Etv Bharat

ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই ৷

প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ
প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ

By

Published : Feb 4, 2021, 6:00 PM IST

Updated : Feb 5, 2021, 10:26 AM IST

বিশ্বনাথ 4 ফেব্ৰুৱাৰী :নিৰ্বাচনলৈ মাজত কিছুদিন থকাৰ সময়তে অসমত জোৰদাৰ হৈছে নিৰ্বাচনী কুচকাৱাজ ৷ পিছ পৰি থকা নাই 9 নং তেজপুৰ লোকসভাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা । শৰ্মা নামি পৰিছে কংগ্ৰেছ দল মজবুত কৰাত । ব্যস্ত শৰ্মাই কংগ্ৰেছ উদ্ধাৰত নামি পৰা দেখা গৈছে শেহতীয়াকৈ । অসমৰ আন আন ঠাই লগতে শোণিতপুৰ জিলা আৰু তেজপুৰ লোকসভা সমষ্টিৰ অধীনৰ অঞ্চলত দলীয় কাম কাজত নামি পৰিছে শৰ্মা । ইফালে ইটিভি ভাৰত অসমৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন সাংসদ গৰাকীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ।

প্ৰাক্তন বিজেপি সাংসদৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ

প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই কয়, যে মই বিজেপি দলত কাম কৰা প্ৰায় 45 বছৰ হ'ল কিন্তু ইমান দিন দল কৰিলো বিজেপিয়ে কিন্তু মোক সন্মান নিদিলে । বিজেপি দলক দলীয় কাম লাগে কিন্তু কাম কৰা মানুহক সন্মান দিব নিবিচাৰে । যাৰ বাবে এতিয়া বহু বিজেপি দলৰ নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত আহিব । এই চৰকাৰৰখনে অসমত নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই । যদি নিবনুৱা সমস্যা কি দৰে সমাধান কৰিবলৈ পৰামৰ্শ লাগে এই চৰকাৰে মোৰ পৰা পৰামৰ্শ ল’ব পাৰে বুলি কয় ৷

বিজেপি বৰ্তমান তিনিটা ভাগত বিভক্ত হৈ আছে যাৰ ফলত বিজেপি দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে একাংশই । লগতে 5 পৰা 25 জন বিধায়কৰ টিকট কৰ্তন হ'ব পাৰে আৰু তেওঁলোকে মোৰ লগত যোগাযোগ কৰি আছে কংগ্ৰেছত আহিবলৈ । আনহাতে শৰ্মাই আমাৰ প্ৰশ্নৰ উত্তৰত কয় 21 চনত কংগ্ৰেছৰ চৰকাৰৰ লগতে শৰ্মাই কয় যদি দলে মোক ধুবুৰী, শোণিতপুৰ, মানকাচৰ, বিহালী, বিশ্বনাথ, গহপুৰ য'তে দিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তাতে সাজু বুলি কোৱা লগতে টিকট বিচাৰি কোনো দলক দাবী নজনাও কাৰণ মই এজন ভিক্ষাৰী গতিকে ভিক্ষাৰী কোনো পচন্দ,দাবী,নাথাকে যি দিয়ে তাতে লম ।

লগতে পঢ়ক :অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

Last Updated : Feb 5, 2021, 10:26 AM IST

ABOUT THE AUTHOR

...view details