অসম

assam

বিশ্বনাথত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে" শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন

By

Published : Jun 20, 2020, 8:40 PM IST

বিশ্বনাথত প্ৰাক্তন বিধায়ক তথা বোলছবি অভিনেতা পদ্ম কৈৰীৰ স্মৃতিত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে" শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে চাহ জনজাতি কল্যাণ বিভাগ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানে ।

ex MlA Padma kairi Memorial Meeting Held At Biswanath
বিশ্বনাথত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে " শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন

বিশ্বনাথ, ২০ জুনঃ বিশ্বনাথৰ গোপসাধাৰুত অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা তথা প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ স্মৃতিত অনুষ্ঠিত হয় এখন স্মৃতিচাৰন সভা ৷ উক্ত সভা খনত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে" নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় ৷

বিশ্বনাথত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে " শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন

উল্লেখ্য যে,প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলাৰ সাকোমঠা চাহ বাগিচাৰ গোপসাধাৰুস্থিত বাসগৃহৰ চৌহদত সম্পূৰ্ণ সামাজিক নীতি-নিয়মৰ মাজেৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ৷ আনহাতে উক্ত স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি গৌতম গোৱালাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে" উন্মোচন কৰে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী তথা চাহ জনজাতি কল্যান বিভাগ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানে । অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰামোদ বৰঠাকুৰ,প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা,মৰিয়নী সমিষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী,জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস,আৰক্ষী অধীক্ষক ৰাজেন সিং,সাকোমঠা চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰবীন্দ্ৰ সিং,কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ বৰুৱা,প্ৰেমলাল গঞ্জু , আটছাৰ সাধাৰণ সম্পাদক পৱন বেদিয়া,সহ সম্পাদক অনন্ত চোনা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ চাহ সম্পাদক দুলদুল বৰকাকতি জ্যেষ্ঠ নাগৰিক সন্থা বিশ্বনাথ চাৰিআলিৰ সভাপতি অপূৰ্ব কুমাৰ দাসকে ধৰি বহু বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷ ইফালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰাক্তন বিধায়ক গৰাকীৰ স্মৃতি উল্লেখ কৰি তেওঁ ৰচনা কৰা এটি গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক- বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন অসম যুৱ পৰিষদৰ

ABOUT THE AUTHOR

...view details