বিশ্বনাথ ২৭ জানুৱাৰী: বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বেদেতীৰ বৰালীমৰাৰ ড০ভূপেন হাজৰিকা ক্ষেত্ৰত অনুষ্ঠিত হয় এখন সভাৰ । এই সভাখনত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদীৰ জুৰীয়া গাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে এটা পকী পথ । এই পথটোৰ দুয়ো কাষে গছপুলি ৰোপন কৰাৰ উদ্দেশ্য আগত ৰাখি মংগলবাৰে বিহালী আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা টে'ট শিক্ষক দিগন্ত দাসে কিছুদিন পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে বিষয়টো উপস্থাপন কৰে । পাচত কেইবাজনো সচেতন যুৱ ব্যক্তিয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে । এই পৰামৰ্শ তথা মতামতৰ ওপৰত দিগন্ত দাসৰ আহ্বানত বিহালী সমষ্টিৰ বেদেতীৰ বৰালীমৰাৰ ড০ভূপেন হাজৰিকা ক্ষেত্ৰত মংগলবাৰে বিয়লি এখনি আলোচনা সভা অনুষ্ঠিত কৰা হয় । আলোচনা সভাখনত সভাপতিত্ব কৰে শিক্ষক গজেন শৰ্মাই ।
সমষ্টিটোৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদীৰ জুৰীয়া গাঁৱলৈ নিৰ্মাণ হৈ থকা পকীকৰণৰ পথটো বেদেতী চেন্টাৰৰ পৰা আৰম্ভ কৰি বৰালীমৰা গাওঁ, বেঙাবাৰী গাওঁ, জামুৱনী দক্ষিণ ৰাংছালী জুৰীয়া গাৱঁৰ পৰা ব্ৰহ্মপুত্ৰলৈকে নিৰ্মীয়মান পথটোৰ দুয়ো কাষে গছপুলি ৰোপন কৰাৰ উদ্দেশ্য আগত ৰাখি এই সভাখন অনুষ্ঠিত কৰা হয় । পথটোৰ দুয়োকাষে গছপুলি ৰোপন কৰিলে পথটোৰ সৌন্দৰ্য বহু গুনে বৃদ্ধি কৰিব বুলি উল্লেখ কৰি ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হয় । অনাগত পাঁচ বছৰৰ পাছত অসমৰ ভিতৰতে এটা জাকত জিলিকা পথ ৰূপে পৰিগণিত হ'ব বুলিও কয় । এইক্ষেত্ৰত সকলোৱে হাতে-কামে লাগি আগবঢ়াই নিব লাগিব বুলি সভাত উল্লেখ কৰে বৰালীমৰা গাওঁ পঞ্চায়তৰ সভাপতি লাচিত বৰাই ।