বিশ্বনাথ, 24 ছেপ্টেম্বৰ: ইটিভি ভাৰত, অসমৰ বাতৰিৰ প্ৰভাৱ ৷ ইটিভি ভাৰত, অসমত বাতৰি প্ৰকাশৰ পাছতেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে টি.কে. ইঞ্জিনীয়াৰিং নামৰ চাৰিলাইন যুক্ত পথ নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে ।
বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই বৃহস্পতিবাৰে বৰগাঙৰ পৰা পথটোৰ মেৰামতি কাম আৰম্ভ কৰে প্ৰতিষ্ঠানটোয়ে ৷ লগতে কেমেৰাৰ সন্মুখতে অতি সোনকালেই পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে ৷
বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই উল্লেখ্য যে, যোৱা 20 ছেপ্টেম্বৰত ইটিভি ভাৰত, অসমত প্ৰকাশ পাইছিল বিশ্বনাথচাৰিআলি পৰা গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো দুৰৱস্থাৰ কথা ৷ বিশ্বনাথ পৰা গহপুৰলৈ প্ৰায় 60 কিলোমিটাৰ পথ চোৱাত চাৰিলাইন যুক্ত পথ নিৰ্মাণ কাম চলি থকাত পথটো অধিকাংশ স্থানত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈ আহিছে ৷
ইটিভি ভাৰত অসমৰ বাতৰি প্ৰভাৱঃ বিশ্বনাথত পথ মেৰামতি আৰম্ভ কৰিলে পথ নিৰ্মাণ সংস্থাই যাৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাৰ লগতে দীৰ্ঘদিনৰ পৰা এক প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন আহিছে ৷ আনকি ইয়াৰ বাবে পথটোত সঘনাই দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ এই বাতৰি ইটিভি ভাৰত, অসমে ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰাত অৱশেষত বৃহস্পতিবাৰে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে ৷
লগতে পঢ়কঃ আত্মবিশ্বাস হেৰুৱাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই !