অসম

assam

ETV Bharat / state

বিশ্বনাথত কভিড-১৯ আক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান - কন্টেইনমেন্ট জ’ন

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ জৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ সহযোগত ক’ভিড-১৯ আক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান ৷ বিহালী সমষ্টিটোৰ প্ৰতিটো কন্টেইনমেন্ট জ’নত থকা পৰিয়ালক সাহাৰ্য প্ৰদান কৰিবলৈ গাওঁ পঞ্চায়ত সমূহক স্থানীয় বিধায়ক ৰঞ্জিত দত্তৰ ৷

বিশ্বনাথত কভিড-১৯ আক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান
বিশ্বনাথত কভিড-১৯ আক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান

By

Published : May 19, 2021, 6:02 PM IST

বিশ্বনাথ, ১৯ মে' : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰ’ণা দ্বিতীয় ঢৌ'য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যত দৈনিক 5000 তকৈ অধিক লোক কৰ‘ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ ৷

এই সংকটৰ সময়ছোৱাত বিশ্বনাথত জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জৰাবাৰী গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ সহযোগত বুধবাৰে পঞ্চায়তটোৰ অধীনৰ ক’ভিড-১৯ আক্ৰান্ত হৈ ঘৰত থকা পৰিয়ালক চাউল, দালি, আলুকে ধৰি বিভিন্ন সা সামগ্ৰী যোগান ধৰে ।

বিশ্বনাথত কভিড-১৯ আক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান

উল্লেখযোগ্য যে, জিলাখনত কৰ’ণাই ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলাখনত বৰ্তমান সময়লৈকে ১২৪৫ জন লোকৰ দেহত চিনাক্ত হৈছে কভিড-১৯ ৰ উপস্থিতি । আনহাতে বহু অঞ্চল এতিয়া জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰিছে যাৰ ফলত বহু পৰিয়ালৰ সদস্য বাহিৰত ওলাব পৰা নাই ।

ইফালে বুধবাৰে তেনে বহু পৰিয়ালৰ কাষত উপস্থিত হয় বিহালী সমষ্টিৰ জৰাবাৰী গাওঁ পঞ্চায়তৰ এটা প্ৰতিনিধিৰ দল । দলটোৱে উপস্থিত হৈ কন্টেইনমেন্ট জ’ন থকা পৰিয়াল সকলক সা-সামগ্ৰী যোগান ধৰে ।

জৰাবাৰী গাওঁ পঞ্চায়ত সচীব প্ৰৱন শইকায়াই বুধবাৰৰ পৰা সমষ্টিটোত সাহাৰ্য পৰিক্ৰয়া আৰম্ভ কৰিছে বুলি মন্তব্য কৰে । লগতে বিহালী সমষ্টিটোৰ প্ৰতিটো কন্টেইনমেন্ট জ’নত থকা পৰিয়ালক সাহাৰ্য প্ৰদান কৰিবলৈ গাওঁ পঞ্চায়ত সমূহক স্থানীয় বিধায়ক ৰঞ্জিত দত্তই নিৰ্দেশ দিয়া বুলি মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাঁতীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :মৰ্মান্তিক: পুত্ৰৰ সন্মুখতে ডকাইতে প্ৰাণ কাঢ়িলে পিতৃ-মাতৃৰ

ABOUT THE AUTHOR

...view details