বিশ্বনাথ, 25 মে': বিহালীৰ টেঙাবাৰী অঞ্চলত অব্যাহত আছে বৰগাং নৈৰ কালৰূপ ৷ সমষ্টিটোৰ বৰঝাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী গাঁওখনত বৰগাং নৈয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে তাণ্ডৱ ৷ যাৰ ফলত চপৰা-চপৰে খহিছে নৈৰ গৰা ৷ নৈ খনৰ খহনীয়াৰ কবলত ইতিমধ্যে গৃহহাৰা হৈছে বহু পৰিয়াল ৷ নৈৰ বুকুত জাহ গৈছে শ শ বিঘা চাহবাগান আৰু কৃষক ৰাইজৰ কৃষি ভূমি ৷
বৰগাং নৈয়ে কালৰূপ ধাৰণ কৰিছে বিহালীৰ টেঙাবাৰীত - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বিহালী সমষ্টিৰ বৰঝাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী অঞ্চলত অব্যাহত আছে বৰগাং নৈৰ কালৰূপ ৷ নৈ খনৰ খহনীয়াৰ কবলত ইতিমধ্যে গৃহহাৰা হৈছে বহু পৰিয়াল ৷ নৈৰ বুকুত জাহ গৈছে শ শ বিঘা চাহবাগান আৰু কৃষক ৰাইজৰ কৃষি ভূমি ৷
সম্প্ৰতি অঞ্চটোৰ বহু লোকৰ মাটি বাৰীৰ খহনীয়াৰ কবলত পৰাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে ৷ প্ৰতিবছৰে বাৰিষা বানৰ কৱলত পৰে বিহালীৰ টেঙাবাৰী অঞ্চলটো ৷ চৰকাৰ আহে, চৰকাৰ যায় কিন্তু গাঁওখনৰ প্ৰতি কাৰোৰে গুৰুত্ব নাই ৷ পূৰ্বেও বান তথা খহনীয়া ৰোধৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে ৷ সেয়ে গাৱঁৰ ৰাইজে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা নৱ গঠিত চৰকাৰক এই সমস্যাৰ স্থায়ী সমাধানৰ লগতে অঞ্চলটোক ৰক্ষা কৰাৰ বাবে কাতৰ আহ্বান জনাইছে ৷
লগতে পঢ়ক:অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ