অসম

assam

ETV Bharat / state

বিশ্বনাথৰ প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণৰ দিন ঘোষণা - biswanath

অহা ৬ আৰু ৭ মাৰ্চত বিশ্বনাথত প্ৰিজাইডিং আৰু প'লিং বিষয়া সকলৰ প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে । অহা ৬ মাৰ্চত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আৰু ৭ মাৰ্চত বিশ্বনাথ মহাবিদ্যালয়ত প্ৰিজাইডিং বিষয়া আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

বিশ্বনাথৰ প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণৰ দিন ঘোষণা
বিশ্বনাথৰ প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণৰ দিন ঘোষণা

By

Published : Mar 4, 2021, 7:39 PM IST

বিশ্বনাথ, ৪ মাৰ্চ: অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিখন জিলাৰে প্ৰশাসন । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অহা ৬ আৰু ৭ মাৰ্চত প্ৰিজাইডিং বিষয়া আৰু প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাই দিয়া এক নিৰ্দেশনা অনুসৰি অহা ৬ মাৰ্চত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আৰু ৭ মাৰ্চত বিশ্বনাথ মহাবিদ্যালয়ত প্ৰিজাইডিং বিষয়া আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । ৬ মাৰ্চত পুৱা ১০ বজাৰ পৰা প্ৰিজাইডিং আৰু প্ৰথম প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব দিনৰ ১.৩০ বজাৰ পৰা । একেদৰে ৭ মাৰ্চত বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত প্ৰিজাইডিং আৰু প্ৰথম প'লিং বিষয়াসকলে পুৱা ১০ বজাৰ পৰা আৰু দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াসকলে দিনৰ ১.৩০ বজাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব ।

উল্লেখ্য যে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত প্ৰশিক্ষণ ল'ব লগা মুঠ ৮৫৬ গৰাকী আৰু বিশ্বনাথ মহাবিদ্যালয়ত প্ৰশিক্ষণ ল'ব লগা মুঠ ১১০৮ গৰাকী প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক ইতিমধ্যে প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ । তেওঁলোকক যথা সময়ত উপস্থিত থাকিবলৈ বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াই নিৰ্দেশ দিছে । আনহাতে ১৩ আৰু ১৪ মাৰ্চত দ্বিতীয় আৰু ২০ আৰু ২১ মাৰ্চত বিষয়াসকলক তৃতীয় তথা চূড়ান্ত পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক:কোন হ'ব ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপিৰ উত্তৰসূৰী !

For All Latest Updates

ABOUT THE AUTHOR

...view details