বিহালী, ২৩ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰ, ট্ৰেক্টৰ চালকে চলোৱা দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে একাংশ যাত্ৰী তথা সাধাৰণ নাগৰিক । বহু সময়ত তীব্ৰবেগী ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি বহুতকে চিৰদিনলৈ ঘূণীয়া কৰি পেলাইছে । ডাম্পাৰৰ খুন্দাত বহু পথচাৰী আৰু চালকৰ মৃত্যুও হোৱা পৰিলক্ষিত হৈছে বিহালীত (Dumpers terror on roads in Bihali)।
অলপতে বিহালী সমষ্টিৰ বৰগাং বৰঝাৰণি শিল-বালি মহলত চলাচল কৰা এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত এজনী কনমাণিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল । তাৰ পিচতে স্থানীয় ৰাইজ ডাম্পাৰ, টেক্টৰ চালকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এসপ্তাহ পৰ্যন্ত ডাম্পাৰ, ট্ৰেক্টৰৰ চলাচল বন্ধ কৰি ৰাখিছিল । অৱশ্যে ইমানৰ পিছতো গা লৰা নাই একাংশ ডাম্পাৰ আৰু ট্ৰেক্টৰ চালকৰ ।
সোমবাৰে বিয়লি বিহালী সমষ্টিৰ চেৰেলীয়া নিজ বিহালী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ শতাধিক লোক ৰাজপথলৈ ওলাই আহি ট্ৰেক্টৰ, ডাম্পাৰৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু টেক্টৰৰ চলাচল বন্ধ কৰি দিয়ে । ৰাইজৰ অভিযোগ- বিহালী সমষ্টিৰ চেৰেলীয়াত অৱস্থিত নুৰ নামৰ ইটা ভাটাটোৰ মালিকে দীৰ্ঘদিন ধৰি অবৈধভাৱে অঞ্চলটোত একাংশ সহজ-সৰল কৃষকক ধনৰ লোভ দেখুৱাই কৃষি ভূমিত অবৈধভাৱে ডাম্পাৰ, ট্ৰেক্টৰেৰে দিনে ৰাতিয়ে মাটি কঢ়িয়াই সৃষ্টি কৰিছে ত্ৰাসৰ ৷