বিশ্বনাথ, 8 জানুৱাৰী : বিশ্বনাথত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা (Encounter at Biswanath)। আৰক্ষীৰ গুলীত আহত হৈছে বিশ্বনাথৰ চাৰিআলিৰ বালিপুখুৰীৰ সুজল ভূঞা ওৰফে শিৱা ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়া । শুকুৰবাৰে সন্ধিয়া বিশ্বনাথ জিলা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত বাসগৃহৰ পৰা আটক কৰিছিল শিৱা ভূঞাক ।
পৰৱৰ্তী সময়ত, বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰিবলৈ শুকুৰবাৰে নিশা উপস্থিত হৈছিল শিৱা ভূঞাৰ গৃহত ৷ কিন্তু ধৃত ভূঞাই বিশ্বনাথৰ পেটেলিবাৰীৰ সমীপত আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি গাড়ীৰ পৰা জপিয়াই এন্ধাৰৰ দিশে পলায়ন কৰাৰ চেষ্টা চলায় ৷ যাৰ বাবে ড্ৰাগছ ব্যৱসায়ীটোক উদ্দেশ্যি আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ৷