অসম

assam

ETV Bharat / state

বিশ্বনাথৰ চতিয়াত ড্ৰাগছসহ আটক এজন - Drug peddler arrested

ৰাজ্য়ত অব্য়াহত আছে ড্ৰাগছৰ বেহা । চতিয়া, ইটাখোলা, শোণিতপুৰত অব্য়াহত এই বেহা । ইয়াৰ মাজতে বিশ্বনাথ জিলাৰ চতিয়াত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰৱৰাহকাৰী (Drug peddler arrested) ।

biswanath
বিশ্বনাথৰ চতিয়াত ড্ৰাগছসহ এজনক আটক

By

Published : Jun 25, 2022, 8:23 PM IST

বিশ্বনাথ,২৫ জুন:ৰাজ্য়ত অব্য়াহত আছে ড্ৰাগছৰ বেহা (Drugs smuggling in Assam)। ইয়াৰ মাজতে বিশ্বনাথ জিলাৰ চতিয়াত আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰৱৰাহকাৰী (Drug smuggler detained Sootea in Bishwanath)। চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত হোকাজানত শনিবাৰ পুৱাই আৰক্ষীয়ে ড্ৰাগছসহ ৰাহুল দাস (৩০)নামৰ যুৱকজনক আটক কৰে ৷ বিশ্বনাথ চাৰিআলিৰ পৰা চতিয়াৰ ইটাখোলালৈ ড্ৰাগছখিনি বিক্ৰীৰ বাবে নিয়াৰ সময়তে আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি 5 টা কন্টেনাৰসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা ড্ৰাগছ সৰবৰাহ কামত ব্যৱহাৰ কৰা AS 12L 6801 নম্বৰৰ এখন বাহনো জব্দ কৰে ।

বিশ্বনাথৰ চতিয়াত ড্ৰাগছসহ আটক এজন

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰাহুলে বিশ্বনাথ চাৰিআলিৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি চতিয়া, ইটাখোলা, শোণিতপুৰ আদি অঞ্চলত বিক্ৰী কৰি আহিছিল । চতিয়া আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰৱৰাহকাৰী ৰাহুল দাসক অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চতিয়া আৰক্ষীয়ে বহুকেইজন ড্ৰাগছ বেপাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈকো সক্ষম হৈছিল । আনহাতে, বিশ্বনাথ চাৰিআলিত ইয়াৰ পূৰ্বেও বিশ্বনাথ আৰক্ষীয়ে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ধোঁৱাচাঙত চৰকাৰী আঁচনি: 3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল সৌৰশক্তি চালিত পাম্প

ABOUT THE AUTHOR

...view details