অসম

assam

ETV Bharat / state

অকাডেমি বঁটাৰ কিছু ধনৰাশি হোমেন বৰগোহাঁই ন্যাসলৈ দান কৰাৰ সিদ্ধান্ত ড৹ সঞ্জীৱ উপাধ্যায়ৰ - হোমেন বৰগোহাঁইৰ অনবদ্য সৃষ্টি পিতা পুত্ৰ

অনুবাদ সাহিত্যৰ ক্ষেত্ৰত সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত হৈছে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ সঞ্জীৱ উপাধ্যায় (Professor Dr Sanjbi Upadhyay has been selected for Sahitya Akademi Award) ৷ অধ্যাপক উপাধ্যায়ে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰা এই বঁটাৰ কিছু আৰ্থিক মাননি হোমেন বৰগোহাঁই ন্যাসলৈ (Homen Borgohain trus) দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Homen Borgohain trust
অকাডেমি বঁটাৰ কিছু ধনৰাশি হোমেন বৰগোহাঁই ন্যাসলৈ দান কৰাৰ সিদ্ধান্ত ড৹ সঞ্জীৱ উপাধ্যায়ৰ

By

Published : Jun 25, 2022, 7:38 PM IST

চতিয়া, 25 জুন :2022 বৰ্ষৰ অনুবাদ সাহিত্যৰ ক্ষেত্ৰত সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ সঞ্জীৱ উপাধ্যায় (Professor Dr Sanjbi Upadhyay has been selected for Sahitya Akademi Award) ৷ এই বঁটাৰ বাবে নিৰ্বাচিত হৈ যথেষ্ট সুখী অনুভৱ কৰিছে অধ্যাপক ড৹ সঞ্জীৱ উপাধ্যায়ে ৷

অকাডেমি বঁটাৰ কিছু ধনৰাশি হোমেন বৰগোহাঁই ন্যাসলৈ দান কৰাৰ সিদ্ধান্ত ড৹ সঞ্জীৱ উপাধ্যায়ৰ

উল্লেখ্য যে, প্ৰয়াত হোমেন বৰগোহাঁইৰ অনবদ্য সৃষ্টি "পিতা পুত্ৰ" উপন্যাসৰ নেপালী অনুবাদ "বাবু ছোৰা"ৰ বাবে নিৰ্বাচিত হৈছে ড৹ উপাধ্যায় । সেয়ে এই বঁটাৰ কিছু আৰ্থিক ধনৰাশি হোমেন বৰগোহাঁই ন্যাসক (Homen Borgohain trus) দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড৹ সঞ্জীৱ উপাধ্যায়ে ।

অনুবাদ গ্ৰন্থ

জানিব পৰা মতে, এই বঁটাৰ লগত আছে নগদ 50,000 টকা ৷

ভাৰত চৰকাৰৰ পৰা এই অনুবাদ বঁটা লাভ কৰাৰ বাবে ড৹ সঞ্জীৱ উপাধ্যায়ৰ লগতে উৎফুল্লিত হৈ পৰিছে তেওঁৰ আত্মীয় তথা পৰিয়ালবৰ্গও ৷ তথ্য অনুসৰি, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিষয়ৰ সহযোগী অধ্যাপক হৈয়ো ড৹ সঞ্জীৱ উপাধ্যায়ে অসমীয়া, নেপালী আৰু ইংৰাজী ভাষাত দুকুৰিৰো অধিক বিভিন্ন গ্ৰন্থ লিখিছে ৷

লগতে পঢ়ক :MAHA political crisis: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details