বিশ্বনাথ,১০ জুন:ৰাজ্যত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পাচত আন এটা চিকিৎসক নিগ্ৰহৰ ঘটনা ৷ 2019 চনৰ 31 আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত একাংশ উন্মদ লোকৰ আক্ৰমণৰ বলি হৈ অতি কৰুণভাৱে বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তই মৃত্যুক সাৱতি লৈছিল ৷ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকজনক প্ৰহাৰ কৰিছিল একাংশ লোকে ৷ তাৰ পাচৰে পৰা প্ৰায়ে ৰাজ্যত সংঘটিত হৈ আহিছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ এইবেলিও হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷
ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক - assam doctor assault
হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷
ঘটনা অনুসৰি, ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতি-নিয়ম অনুসৰি দিনৰ বাৰ বজাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগে ৷ কিন্তু বাগিচাখনৰ একাংশ লোকে প্ৰশাসনৰ নিয়ম নামানি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখিছিল ৷ তাৰ পাচতে বাগিচা কৰ্তৃপক্ষই দোকান-পোহাৰ সকলো বন্ধ কৰাৰ নিৰ্দেশ দিয়াত বাগিছা খনৰ একাংশ লোকে চিকিৎসক গৰাকীৰ নিৰ্দেশত বন্ধ কৰাৰ সন্দেহত চিকিৎসক গৰাকীক প্ৰহাৰ কৰে ৷ অৱশ্যে চিকিৎসক গৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰ ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীয়ে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷