অসম

assam

By

Published : Jun 12, 2020, 4:02 PM IST

ETV Bharat / state

উত্তাল গহপুৰঃ জানমনি কুটুমৰ হত্যাকাৰীক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

গহপুৰত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ। কিশোৰী জানমনি কুটুমৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালত শাস্তি দাবীত মানৱ শৃংখলৰ উত্তাল প্ৰতিবাদ

Biswanath
জানমনি কুটুমৰ হত্যাকাৰীক শাস্তিৰ দাবী

বিশ্বনাথ, ১২ জুনঃশুকুৰবাৰে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ জনতাৰ প্ৰতিবাদত কপি উঠিল গহপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । জানমনি কুটুমৰ হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবীত মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গহপুৰ আছু,সদৌ মিচিং ছাত্ৰ সন্থা,এম এম কে, আছা,আটছা,অনুসূচিত জাতি ছাত্ৰ সন্থা,AJYCP আৰু গহপুৰৰ সাধাৰণ ৰাইজে ৷

জানমনি কুটুম
উল্লেখ্য যে,গহপুৰ ৰজাবাৰী ১নং চকলাৰ গাঁৱৰ এজনী ১২ বছৰীয়া কিশোৰী জানমনি কুটুমক ২৮ ফেব্ৰুৱাৰীত সেই গাঁৱৰে ৭ নৰপিশাচে ধৰ্ষণ কৰি গছত উলোমাই ৰাখিছিল । এই ঘটনাৰ তিনিমাহ সম্পূৰ্ণ নৌহওঁতেই অভিযুক্তই জামিন লাভ কৰাত উতপ্ত হৈ পৰে বিভিন্ন দল-সংগঠন ৷
জানমনি কুটুমৰ হত্যাকাৰীক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

লগতে পঢ়কঃ যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল

ABOUT THE AUTHOR

...view details