বিশ্বনাথ, 2 ছেপ্টেম্বৰ :শ্ৰমিকৰ কল্যাণকামী আইন প্ৰযোজ্য কৰি শ্ৰমিকসকলৰ দুখ-দুৰ্গতিৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰক আহ্বান জনাইছে পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাই ৷ বিশ্বনাথস্থিত পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা ব্যক্ত কৰে সংগঠনটোৱে ।
সংগঠনটোয়ে সংবাদমেলত ডিমা হাচাও জিলাত 26 আগষ্টত 5 জনকৈ নিৰিহ ট্ৰাক চালকক নিৰ্মমভাবে হত্যা কৰা ঘটনাত শোক প্ৰকাশ কৰি তেওঁলোকৰ পৰিয়ালক উপযুক্ত ন্যায় দিবলৈ চৰকাৰক আহ্বান জনায় । ইয়াৰ লগতে চৰকাৰে নৈশ বাছসমূহৰ চালক-হেণ্ডিমেনক এককালীন সাহাৰ্যৰ কথা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত এই প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাত সংগঠনটোৱে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷