বিশ্বনাথ, 5 এপ্ৰিলঃ আকৰ্ষণীয় হৈ পৰিছে বহু বিৰ্তকিত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান ৷ আমোলা ভানু ক্ৰমাৎ যেন মুৰৰ কামোৰণি হৈ পৰিছে বিজেপিৰ । মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী, আৰু অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই থকাৰ সময়ত অকলেই সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে ভানুৱে ৷ লগত নাই কোনো হাই প্ৰফাইল নেতা ৷ যদিও বৃহস্পতিবাৰে ভানুৰ হৈ প্ৰচাৰ চলাবলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হয় বিহালীত । পল্লৱ লোচন দাসৰ পুৰণি বিধানসভা সমষ্টিত উপস্থিত হৈ বিজেপিক বিহালী পৰা বিদায় দিবলৈ আহ্বান জনাই বিৰোধী দলপতিজনে ।
ভানুলৈ অগপৰ সমৰ্থন! - mgvk bhanu
কংগ্ৰেছ প্ৰাৰ্থী এম•জি•ভি•কে ভানুৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ দেৱব্ৰত শইকীয়া
ভানুলৈ অগপৰ সমৰ্থন!
drop media here..
কিন্তু লক্ষণীয়ভাবে এই সভাত অসম গণ পৰিষদ দলৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক শুকদেৱ বৰুৱাৰ কংগ্ৰেছ প্ৰাৰ্থী এম•জি•ভি•কে ভানুলৈ মুকলি সমৰ্থন আগবঢ়াই৷