বিশ্বনাথ,14 এপ্ৰিল:গৰু বিহুৰ দিনাইচতিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ঘিলাধাৰী নদীত গা ধুবলৈ গৈ পুৰণিগাঁৱৰ ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে । পুৰণিগাঁৱৰ ভাৰ্গৱ মন্ত্ৰী (২১) আৰু সুকন্যা মন্ত্ৰী (২২) নামৰ দুই ভাতৃ-ভগ্নীয়ে নদীত গা-ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় ৷
নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি - ককায়েক-ভনীয়েক
চতিয়াত শোকাবহ ঘটনা । গৰু বিহুৰ দিনা ঘিলাধাৰী নদীত গা ধুবলৈ গৈ পুৰণিগাঁৱৰ ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ।
![নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি গৰু বিহুৰ দিনা নদীত গাধুৱলৈ গৈ ককায়েক-ভনীয়েকৰ সলিল সমাধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11400712-85-11400712-1618397293850.jpg)
গৰু বিহুৰ দিনা নদীত গাধুৱলৈ গৈ ককায়েক-ভনীয়েকৰ সলিল সমাধি
আনহাতে, চতিয়াৰ ভকতগাঁৱৰ তিনিজন যুৱকেও ঘিলাধাৰী নদীত গা ধুবলৈ নিখোজ হৈ আছে বুলি জানিব পৰা গৈছে ৷ গাঁৱখনৰ মৌচুম ওজা (২৪), অভিজিৎ ওজা (২৪) আৰু বিকাশ হাজৰিকা (২৪) সম্প্ৰতি নিখোজ হৈ আছে । এই ঘটনাৰ পাছতে চতিয়াৰ সমগ্ৰ অঞ্চলত বিহুৰ পৰিৱেশ ম্লান হৈ পৰা দেখা গৈছে ।
লগতে পঢ়কঃ ইটিভি ভাৰতৰ হায়দৰাবাদস্থিত মুখ্যকাৰ্যালয়ত ৰঙালীৰ উছাহ