বিশ্বনাথ, 17 ডিচেম্বৰ:বিশ্বনাথ জিলাৰ গহপুৰৰ মহকুমাৰ ১ নং ককিলাত মঙলবাৰে পুৱতি নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ মুখত কাপোৰ বান্ধি অহা প্ৰায় 8-10 জনীয়া ডকাইতৰ এটা দলে লোৰ গেটৰ তলা ভাঙি নিশা প্ৰায় 1 মান বজাত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ককিলাৰ হিমেশ্বৰ ভড়ালী নামৰ লোকজনৰ বাসগৃহত প্ৰৱেশ কৰে ৷
প্ৰথম অৱস্থাত ঘৰৰ গৰাকী হিমেশ্বৰ ভড়ালীক দাৰে আঘাত কৰি পত্নী আৰু তেওঁক পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে লুটপাট আৰম্ভ কৰে ৷ জানিব পৰা মতে ডকাইতৰ দলটোৱে হিমেশ্বৰ ভড়ালীৰ বাসগৃহৰ গডৰেজত থকা প্ৰায় তিনিলাখ টকাৰ আ-অলংকাৰ সহ 2 লাখ 50 হাজাৰ নগদ ধন লুট কৰি নিয়ে ৷