বিশ্বনাথ,২৫ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক সজাগ কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে । ৰাইজক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ বৃহস্পতিবাৰে বিশ্বনাথতো জিলা প্ৰশাসনে সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰে । এই ৰেলীৰ শুভাৰম্ভণি কৰে বিশ্বনাথৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাই ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ এই বিশাল ৰেলী কমলাকান্ত ক্ষেত্ৰৰ পৰা জিলা উপায়ুক্তৰ বাসভৱনলৈকে উলিওৱা হয় । চাইকেল ৰেলীত অংশ লৈ পেৰা-চাইক্লিষ্ট তথা অসমৰ নিৰ্বাচন আইকন ৰাকেশ বণিকে কয় যে, “সুস্থ সবল গণতান্ত্ৰিক ব্যৱস্থা বৰ্তাই ৰাখিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰাটো অত্যন্ত জৰুৰী ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ দেশ নিৰ্মাণৰ বাবে ন অভিজ্ঞতাৰে মনৰ পছন্দৰ প্ৰাৰ্থীৰ প্ৰতি নতুন ভোটাৰে ভোটদান কৰাটো নাগৰিকৰ কেৱল দায়িত্বই নহয় এয়া আৰ্জিত অধিকাৰ সাব্যস্তৰ প্ৰথমটো পদক্ষেপ ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ আনহাতে, কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কয় যে, ৰাষ্ট্ৰ নিৰ্মাণত সকলোৱে ভোটদান কৰাটো খুবেই গুৰুত্বপূৰ্ণ । নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ গণতন্ত্ৰৰ ভেঁটি মজবুত কৰি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনায় ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ এই ৰেলীত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন মহাবিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে লেট্চ পেডেল গ্ৰুপ বিশ্বনাথ জিলাৰ ২০ জনৰো অধিক সদস্য-সদস্যাই অংশগ্ৰহণ কৰে ।
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে পঢ়ক: তিনিচুকীয়াত ব্ৰাউন চুগাৰসহ এজনক আটক