অসম

assam

ETV Bharat / state

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান

শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান "শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান" চমুকৈ ডায়েটত অনুষ্ঠিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণাঢ্য অনুষ্ঠান ৷

By

Published : May 11, 2019, 11:21 PM IST

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ উদযাপন সাংস্কৃতিক অনুষ্ঠান

বিশ্বনাথ,১১মে' : শুকুৰবাৰে শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান "শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান" চমুকৈ ডায়েটত অনুষ্ঠিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণাঢ্য অনুষ্ঠান । সামাজিক সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত তথা নৱবৰ্ষক আদৰণি জনোৱাৰ উদ্দেশ্যৰে অনুষ্ঠানখনৰ আয়োজন কৰা হয় । বিশ্বনাথৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ লৈ থকা অন্তিম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে ।

বিশ্বনাথত বিভিন্ন জনগোষ্ঠীৰ উদযাপন সাংস্কৃতিক অনুষ্ঠান

আনহাতে,প্ৰতিষ্ঠানখনে প্ৰতিবছৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিবলৈ এনেধৰণৰ ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে প্ৰতিষ্ঠানখনৰ কৰ্মকৰ্তাসকলে ।

ABOUT THE AUTHOR

...view details