অসম

assam

ETV Bharat / state

বিহালীত মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ - bhupesh waghel election campaign, bihali

'অসমত সৰ্বানন্দ মাছৰ ছিণ্ডিকেটৰ আনন্দ, ছুপাৰি ছিণ্ডিকেটৰ আনন্দ' । মঙলবাৰে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মহাজোঁট সমৰ্থিত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ বৰগাঙত প্ৰচাৰ চলায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই মন্তব্য কৰে । ৰাজ্য তথা দেশৰ উন্নয়ন, মূল্যবৃদ্ধি আদিকে ধৰি বিভিন্ন প্ৰসংগ উত্থাপন কৰি ভূপেশ বাঘেলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

বিহালীত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ ৱাঘেলে
বিহালীত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ ৱাঘেলে

By

Published : Mar 24, 2021, 1:11 PM IST

বিশ্বনাথ, ২৪ মাৰ্চ: কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ অসমৰ বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । মঙলবাৰে বিশ্বনাথৰ বিহালীত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপি চৰকাৰক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি গেৰুৱা দলটোক সমালোচনাৰে থকা-সৰকা কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিহালীত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ ৱাঘেলে

মঙলবাৰে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মহাজোঁট সমৰ্থিত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ বৰগাঙত প্ৰচাৰ চলায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ শাসকীয় দললৈ লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে বাঘেলে । বিগত ৭০ বছৰত কংগ্ৰেছ দলে কি কৰিছিল বুলি বিজেপি দলে উত্থাপন কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, বিজেপি দলৰ নেতাসকল যিবোৰ বিদ্যালয়ত পঢ়িছিল, সেইবোৰ বিদ্যালয় কংগ্ৰেছ চৰকাৰৰ শাসনকালতে স্থাপন কৰা হৈছিল ।

বিহালীত চিপিআই(এম-এল) প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ ৱাঘেলে

দেশৰ সংবিধানো কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰৱৰ্তন কৰা হৈছিল ৷ লগতে ৰে'ল ষ্টেচন নিৰ্মাণৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে । ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'বিজেপিয়ে কৈছিল অসমৰ আনন্দ সৰ্বানন্দ ৷ সৰ্বানন্দ আহিল কিন্তু অসমৰ ৰাইজৰ বাবে আনন্দ নাহিল ৷ মোডীয়ে কৈছিল ভাল দিন আহিব, কিন্তু ভাল দিন মাত্ৰ আহিল আডানি-আম্বানীৰ কাৰণে' ।

আনহাতে, অসমত সৰ্বানন্দ মাছৰ ছিণ্ডিকেটৰ আনন্দ, অসমৰ আনন্দ ছুপাৰি ছিণ্ডিকেটৰ আনন্দ আৰু অসমৰ আনন্দ কয়লা ছিণ্ডিকেটৰ আনন্দ বুলি কৈ সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিদেশৰ বেংকত জমা থকা ক'লা ধন আনি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকা জমা কৰিব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্যক সমালোচনা কৰি তেওঁ কয় যে, ক'লা ধনৰ অংশ হিচাপে ১৫ লাখ দূৰৰে কথা, ১৫ পইচাও ভাৰতীয় নাগৰিকৰ বেংক একাউণ্টত নোসোমাল ৷

লগতে পঢ়ক: কৰিমগঞ্জত উপস্থিত হ'ল নিৰ্বাচন আয়োগৰ মহা নিৰ্দেশক ধৰ্মেন্দ্ৰ শৰ্মা

ABOUT THE AUTHOR

...view details