বিশ্বনাথ, 14 আগষ্ট: যোৱা 10 আগষ্টত চিপিআই(এম-এল)ৰ ৰাজ্যিক সদস্য বলীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰে টিংখং আৰক্ষীয়ে ৷ তাৰ পাচৰ পৰাই নেতা গৰাকীক মুক্তি দিয়াৰ দাবীৰে ৰাজ্যজুৰি চলিছে প্ৰতিবাদ ৷ শুকুৰবাৰে বিশ্বনাথৰ বৰগাঙতো চিপিআই (এম-এল) দলে নেতা গৰাকীক মুক্তি দিয়াৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ১০ আগষ্টৰ পুৱা কেইগৰাকীমান লোকে ঘেৰাও কৰিছিল বলীন্দ্ৰ শইকীয়াৰ বাসগৃহ ৷ বলীন্দ্ৰ শইকীয়া ঘৰত নথকা অৱস্থাত তেওঁৰ পত্নীয়ে আৰক্ষী থানাত সেই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাচতেই, আৰক্ষীয়ে ওলোটাই গ্ৰেপ্তাৰ কৰে বলীন্দ্ৰ শইকীয়াকহে ৷
বলীন্দ্ৰ শইকীয়াক মুক্তিৰ দাবীৰে বিশ্বনাথত চিপিআই (এম-এল)ৰ প্ৰতিবাদ - বলীন্দ্ৰ শইকীয়া
চিপিআই(এম-এল)ৰ ৰাজ্যিক সদস্য বলীন্দ্ৰ শইকীয়াক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীৰে শুকুৰবাৰে বিশ্বনাথৰ বৰগাঙত প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই (এম-এল) দলৰ কৰ্মকৰ্তা সকলে ৷

প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি, পথ নিৰ্মাণ কৰোতে দুখীয়া মানুহৰ মাটি বলপুৰ্বক দখল কৰিবলৈ বিচৰা বলীন্দ্ৰ শইকীয়াই দৰিদ্ৰ পৰিয়ালৰ হৈ মাত মতাৰ বাবেই এগৰাকী ঠিকাদাৰ তথা বিজেপি নেতা খৰ্গহস্ত হৈ পৰিছিল তেওঁৰ বিৰুদ্ধে ৷ সকলো আইন কানুন দলিয়াই আৰক্ষীয়ে বিজেপি নেতা গৰাকীক সন্তুষ্ট কৰাৰ স্বাৰ্থত বলীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰে বুলি প্ৰতিবাদস্থলীত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে বলীন্দ্ৰ শইকীয়াক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে, বলীন্দ্ৰ শইকীয়াৰ ঘৰ ঘেৰাও কৰিবলৈ অহা লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়ক:নলবাৰীত আছুৰ 18 ঘণ্টীয়া অনশন কাৰ্যসূচী