অসম

assam

ETV Bharat / state

বিহালীত মহাজোঁটৰ প্ৰাৰ্থী চিপিআই (এম এল) নেতা বিবেক দাস - কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল

বিহালীত মহাজোঁটৰ প্ৰাৰ্থী চিপিআই (এম এল) নেতা বিবেক দাস ৷ উৎফুল্লিত চিপিআই (এম এল) কৰ্মীৰ ঘৰে ঘৰে ঝুমুৰ নাচ ৷ গুৱাহাটীত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল তথা 'কা' বিৰোধী একাংশ দলৰ মাজত হোৱা বৈঠকৰ অন্ত পৰাৰ পাছতে দাসক বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় ৷

cpi ml leader bibek das to be the candidate of congress alliance for assembly election
cpi ml leader bibek das to be the candidate of congress alliance for assembly election

By

Published : Mar 5, 2021, 11:43 AM IST

বিশ্বনাথ, 5 মাৰ্চ:27 মাৰ্চত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে এতিয়া গুৱাহাটীত বাহৰ পতাৰ লগতে ৰাজনৈতিক দলসমূহৰ ইখনৰ পাছত সিখনকৈ বৈঠকো অনুষ্ঠিত হৈছে ৷ বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল তথা 'কা' বিৰোধী একাংশ দলৰ মাজত হোৱা বৈঠকৰ অন্ত পৰাৰ পাছত বিশ্বনাথ জিলাৰ 77 নং বিহালী বিধান সভা সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলে চি পি আই(এম এল) দলৰ নেতা বিবেক দাসক এৰি দিয়ে ৷

বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ দখলত থকা সমষ্টিটো মহাজোঁটৰ প্ৰাৰ্থী হিচাপে চি পি আই (এম এল) দলক এৰি দিয়াত চিপিআই (এম এল) দল আৰু কংগ্ৰেছ কৰ্মী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ্যে যে, ১,২৩,২৭৯ গৰাকী ভোটাৰ থকা সমষ্টিটোত বিগত 2016 চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে 28,551 ভোট লাভ কৰা বিপৰীতে চি পি আই (এম এল) দলে 8,025 টা ভোট লাভ কৰিছিল । সমষ্টিটোৰ বৰ্তমানৰ বিজেপি দলৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই 52152 টা ভোট লাভ কৰি বিধায়কৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল ।

মন কৰিব লগীয়া যে, মূলতঃ আদিবাসী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলগীয়া সমষ্টিটোত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে বিবেক দাসক পাই আদিবাসী ভোটাৰ সকলৰ মাজত যথেষ্ট আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ৷ দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ প্ৰতিবাদৰ নেতৃত্ব দি অহা বিবেক দাসে কয় যে, এইবাৰ অসম বচাও অভিযান হ'ব অসম ৰক্ষাৰ স্বাৰ্থত ৷ এই যুজঁত বিজেপিৰ পৰাজয় আৰু অসমত মহাজোঁটৰ চৰকাৰৰ হ'ব বুলিও দাসে মত প্ৰকাশ কৰে ৷ দাসক প্ৰাৰ্থী হিচাপে পাই উৎফুল্লিত হৈ বিহালীৰ ধেমাজীবাৰী আৰু মোনাবাৰীত চাহ জনগোষ্ঠীৰ ৰাইজে মাদল লৈ ৰাজপথৰ লগতে চি পি আই এম এল কৰ্মীৰ ঘৰে ঘৰে আনন্দ উল্লাস কৰে ৷

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details