অসম

assam

By

Published : Jul 15, 2020, 10:21 PM IST

ETV Bharat / state

বিশ্বনাথত জব্দ গৰু ভৰ্তি ট্ৰাক

বিশ্বনাথত জব্দ 10 খনকৈ গৰু ভৰ্তি ট্ৰাক ৷ 34 জন লোকক আটক কৰাৰ লগতে জব্দকৃত ট্ৰাকখনৰ পৰা মুঠ 237 টা গৰু উদ্ধাৰ ৷

Cow Loaded Truck Seized at Biswanath
বিশ্বনাথত জব্দ গৰু ভৰ্তি ট্ৰাক

বিশ্বনাথ, 15 জুলাই: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা । বুধবাৰে বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰুভৰ্তি 10 খনকৈ ট্ৰাক ৷ আনহাতে, আটক কৰিবলৈ সক্ষম হয় 34 জন ব্যক্তিক ৷ আটকাধীন ট্ৰাকখনৰ পৰা মুঠ 237 টা গৰু জব্দ কৰে আৰক্ষীয়ে ।

বিশ্বনাথত জব্দ গৰু ভৰ্তি ট্ৰাক

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লখিমপুৰ, ধেমাজি, চিলাপথাৰৰ পৰা দৈনিক গাড়ীয়ে গাড়ীয়ে অবৈধভাৱে গৰু সৰবৰাহৰ তথ্য লাভ কৰি আহিছিল বিশ্বনাথ জিলা আৰক্ষীয়ে ৷ এক গোপন তথ্যৰ ভিত্তিতেই বুধবাৰে বিশ্বনাথৰ গহপুৰ আৰক্ষী আৰু জিনজিয়া আৰক্ষীয়ে অভিযান চলাই 10 খনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ গাড়ী চালক, হেণ্ডিমেনক আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰিবলৈ সক্ষম হয় যদিও কোনো এজন বেপাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয় ।

এই ঘটনাৰ পৰা ৰাজ্যত যে অবৈধভাৱে গৰু সৰবৰাহৰ মুকলি বেহা চলি আছে তাৰ স্পষ্ট ছবি ফুটি উঠিছে ৷

লগতে চাওক-মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ ৰাইজ

ABOUT THE AUTHOR

...view details