অসম

assam

ETV Bharat / state

বিহালীৰ জিনজিয়াত ভংগ ক’ভিড প্ৰট’কল

বিশ্বনাথৰ বিহালীৰ জিনজিয়াত ভংগ কভিড প্ৰট’কল ৷ অসাৰত পৰিণত আৰক্ষী সঞ্চলক প্ৰধানৰ নিৰ্দেশ ৷ বিহালীৰ জিনজিয়াত ক’ভিড প্ৰট'কল উলংঘা কৰি শতাধিক গ্ৰাহকে ভীৰ কৰিলে জিনজিয়া ইউকো বেংকৰ সন্মুখত ৷

covid-protocol-violation-at-jinjinia-bihali
বিশ্বনাথৰ বিহালীৰ জিনজিয়াত ভংগ ক’ভিড প্ৰট’কল

By

Published : May 13, 2021, 10:00 PM IST

বিশ্বনাথ,১৩ মে': ৰাজ্যত শেহতীয়াকৈ প্ৰচণ্ড হাৰত বৃদ্ধি পোৱা ক’ভিড মহামাৰী গণ সংক্ৰমণ ৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিডৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক’ভিড প্ৰট'কল উলংঘাকাৰীৰ ওপৰত আৰক্ষী কঠোৰ হ’ব বুলি সকিয়াই দিছে ৷ কিন্তু এই নতুন নিৰ্দেশনা কিম্বা আৰক্ষীৰ ভয়েও যেন লৰাব পৰা নাই একাংশক । বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়াত বৃহস্পতিবাৰে ক’ভিড প্ৰট’কল উলংঘা কৰি শতাধিক গ্ৰাহকে ভীৰ কৰিলেহি জিনজিয়া ইউকো বেংকৰ সন্মুখত ৷

বিশ্বনাথৰ বিহালীৰ জিনজিয়াত ভংগ ক’ভিড প্ৰট’কল

বেংক কৰ্তৃপক্ষৰো এইক্ষেত্ৰত নাই কোনো কাণসাৰ ৷ খবৰ পোৱাৰ পিছতেই জিনজিয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ভীৰ নিয়ন্ত্ৰণ কৰে ৷ এতিয়া প্ৰশ্ন হয়, যি সময়ত ক’ভিড মহামাৰীয়ে দেশত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে, তেনে পৰিস্থিতিত ক’ভিড সম্পৰ্কে সাধাৰণ জনগণৰ এনেধৰণৰ অসাৱধানতাই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়ক:তিনিচুকীয়াত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details