অসম

assam

বিশ্বনাথত এদিনতে ক’ভিড আক্ৰান্ত 20 গৰাকী লোকৰ মৃত্যু

By

Published : May 21, 2021, 6:46 AM IST

বিশ্বনাথ জিলাত 1401জনলৈ বৃদ্ধি ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে 97 জন লোকৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷

বিশ্বনাথত এদিনতে ক’ভিড আক্ৰান্ত 20 গৰাকী লোকৰ মৃত্যু
বিশ্বনাথত এদিনতে ক’ভিড আক্ৰান্ত 20 গৰাকী লোকৰ মৃত্যু

বিশ্বনাথ, 21 মে’:ৰাজ্যত বৃদ্ধি পায়ে আছে কাল কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথ জিলাটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-19য়ে ৷ বৃহস্পতিবাৰৰ দিনটোত জিলা খনত 1401 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ উপস্থিতি ।

বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত নিয়মীয়া পৰীক্ষা কৰাৰ সময়ত 97 জন লোকৰ দেহত চিনাক্ত হয় ক’ভিড- ১৯ অৱস্থিতি । ইয়াকে লৈ জিলাখনত 1401 জনলৈ বৃদ্ধি হয় ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা । ইফালে দ্বিতীয় ঢৌত বৃহস্পতিবাৰলৈকে 20 গৰাকী লোকে ক’ভিড-১৯ ত প্ৰাণ হেৰুৱাব লগাত পৰিছে ।

গুৰুত্বপূৰ্ণ কথা হ'ল দৈনিক বৃদ্ধি পাই আহিছে ক’ভিড-১৯ সংক্ৰমণ ৷ তথাপি এতিয়া সজাগ-সচেতন হোৱা নাই ৰাইজ । আনহাতে ক’ভিড-১৯ নিৰ্মূল কৰা ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী, আশা কর্মীয়ে বিহালী বিভিন্ন গাঁৱত সজাগতা সৃষ্টি কৰাৰ লগতে বাহিৰৰ পৰা গাঁৱত প্ৰৱেশ কৰা লোকক ক’ভিড পৰীক্ষা কৰিবলৈ পৰামর্শ প্ৰদান কৰা দেখা গৈছে ।

লগতে পঢ়ক:13 ঘন্টাৰ ভিতৰত ক’ভিডত নিঃশেষ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details