বিশ্বনাথ, ২২ মে' :গহপুৰৰ গমিৰিত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে দুগ্ধ উৎপাদক সমবায় সমিতিৰ । লিটাৰে লিটাৰে গাখীৰ, দৈ,পনীৰকে ধৰি দুগ্ধজাত মিঠাইসমূহ ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈত পেলাবলগীয়া হৈছে গহপুৰৰ গমিৰিৰ দুগ্ধ পালকে । গহপুৰ মহকুমাৰ ভিতৰতে সৰ্বাধিক ক'ৰণাত আক্ৰান্ত এলেকাত পৰিণত হোৱা গমিৰিৰ কেইবাটাও অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পিচতে নিস্তব্ধ হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোকৰ জনজীৱন । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গাখীৰৰ লগতে দৈ,পনীৰ আৰু দুগ্ধজাত মিঠাইসমূহ খাৰৈ নৈত পেলাবলগীয়া হৈছে ।
বিক্ৰী নাই : খাৰৈ নৈত গাখীৰ ঢালিলে দুগ্ধ উৎপাদকে - Corona inpact at gohpur
গহপুৰ মহকুমাৰ ভিতৰতে সৰ্বাধিক ক'ৰণাত আক্ৰান্ত এলেকাত পৰিণত হোৱা গমিৰিৰ কেইবাটাও অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পিচতে নিস্তব্ধ হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোকৰ জনজীৱন । লিটাৰে লিটাৰে গাখীৰ, দৈ,পনীৰকে ধৰি দুগ্ধজাত মিঠাইসমূহ ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈত পেলাবলগীয়া হৈছে গহপুৰৰ গমিৰিৰ দুগ্ধ পালকে ।
গহপুৰত ব্ৰহ্মপুত্ৰৰ নদীত লিটাৰে লিটাৰে পেলাবলগীয়া হৈছে দুগ্ধজাত সামগ্ৰী
উল্লেখ্য যে, গমিৰিৰ শতাধিক পৰিয়াল এই দুগ্ধ ব্যৱসায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । দুগ্ধ উৎপাদক সমবায় সমিতিয়ে চৰকাৰক এই দুৰ্যোগৰ সময়ত কিঞ্চিৎ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত
Last Updated : May 22, 2021, 2:23 PM IST