বিহালী,4 মে': কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহালী থানাত এখন সজাগতা সভা আয়োজন কৰা হয় ৷ মঙলবাৰে অনুষ্ঠিত সভাখনত বিহালীৰ অন্তৰ্গত গাঁৱসমূহৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে ৷
বিহালী থানা কমিটিৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিহালী গাঁৱৰক্ষী বাহিনীৰ সম্পাদক দীপক প্রধানে ৷ সভাত আৰক্ষী চক্রৰ পৰিদর্শক ৰিষেশ্বৰ শইকীয়া, বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো, বৰগাং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া থানেশ্বৰ চুতীয়া উপস্থিত থাকি সজাগতামূলক বক্তব্য প্ৰদান কৰে ৷