বিশ্বনাথ,24 জুনঃ বিশ্বনাথ জিলা প্ৰশাসনে 5 টা অঞ্চলত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷ COVID আক্ৰান্ত বিজয় শংকৰ দাস নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল 5 টা অঞ্চলৰ লোক ৷ তাৰ পাচতেই বিশ্বনাথ জিলা প্ৰশাসনে আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে পাঁচোটা অঞ্চলেই ছীল কৰিছে ৷
গুৱাহাটীত এটা বেংকত কৰ্মৰত বিজয় শংকৰ দাস বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰস্থিত নিজা ঘৰলৈ আহি বিশ্বনাথ নগৰৰ একাধিক ঠাইত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনত COVID-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা সম্ভাৱ্য এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰে ৷
মঙলবাৰে পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা অঞ্চল ৫টা হৈছে , 1. COVID-১৯ত আক্ৰান্ত বিজয় শংকৰ দাসৰ শান্তি পুৰৰ বাসগৃহ, কালিচৰন দাস, প্ৰদীপ দাস আৰু সঞ্জীৱ দাসৰ বাসগৃহ সমন্বিতে অঞ্চলটো, 2. বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান, 3. বুক চেন্টাৰ, 4. ৰমনী বস্ত্ৰালয় আৰু 5. জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ ।