বিশ্বনাথ, 19 জুন: শীঘ্ৰে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব 15 গৰাকীৰ পৰা 20 গৰাকী বিধায়কে ৷ এই বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ তথা ন কংগ্ৰেছী আৰ পি শৰ্মাৰ ৷ ৰাহুল গান্ধীৰ জন্ম দিৱস উপলক্ষে শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগত গহপুৰ অসামৰিক চিকিৎসালয়ত বৃক্ষ ৰোপণ কৰি ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ শৰ্মাই বিজেপি দলৰ অন্তভাগত বৰ্তমান থৈয়া-নথৈয়া ৰণৰ সূত্ৰপাত হৈছে বুলিও প্ৰকাশ কৰে ৷
ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা - controversial statement of R P Sharma
গহপুৰত প্ৰাক্তন সাংসদ তথা ন কংগ্ৰেছী আৰ পি শৰ্মাৰ বিস্ফোৰক মন্তব্য ৷ নবেম্বৰ-ডিচেম্বৰ মাহত 15ৰ পৰা 25 জন বিধায়কে যোগদান কৰিব কংগ্ৰেছত ।

ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা
ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বৰ্তমান বিজেপি দলত দুজন মুখ্যমন্ত্ৰী থকাৰ কথা ব্যক্ত কৰে । অৱশ্যে ইয়াৰে এজন ঘোষিত মুখ্যমন্ত্ৰী আনজন অঘোষিত মুখ্যমন্ত্ৰী । তেওঁ বিজেপি দলে ক'ৰণাক লৈও ৰাজনীতি কৰাৰ অভিযোগ কৰে ৷ ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ বিজেপিয়ে নিব বিচাৰিছে বুলি তেওঁ তাপৰ্যপূৰ্ণ মন্তব্য কৰে । বৰাই গহপুৰৰ যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত বৃক্ষ ৰোপণ আৰু ৰক্তদান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে ৰাওনা মহানগৰ আৰক্ষীৰ দল