বঙাইগাঁও, 24 ছেপ্টেম্বৰঃ বঙাইগাঁও চহৰৰ ৰেলৱে অল্ড কলনিৰ শনি মন্দিৰৰ কাষত সোমবাৰে নিশা এজন যুৱকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা যুৱকজন অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ জোৱান নবীন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে ৷
বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান - বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান
কোনো দুষ্ট চক্ৰই জোৱান জনক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দিয়াৰ সন্দেহ ৷ নিশা বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত নবীন সৰকাৰ নামৰ আৰক্ষী জোৱান জনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়
![বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4535268-thumbnail-3x2-xv1.jpg)
বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান
নবীন সৰকাৰৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অধীনৰ শ্ৰীৰামপুৰত ৷ সন্দেহ কৰা হৈছে যে, যাত্ৰীবাহী ৰেলেৰে যাত্ৰা কৰাৰ সময়তে কোনো দুষ্ট চক্ৰই সৰকাৰক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দিয়ে যাৰ ফলত অচেতন হৈ যায় জোৱান জন ৷ আৰু ইয়াৰ পাচতে নিশা বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত সৰকাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি যুৱকজনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত ভৰ্তি কৰাইছে যদিও এই পৰ্যন্ত চেতনা ঘূৰি অহা নাই জোৱান জনৰ ৷
বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান