বিশ্বনাথ, ১১ আগষ্ট :‘‘ক্ষমতাই মূৰত ধৰিছে বিধায়ক দিগন্ত কলিতাক ৷ ফলত আবোল-তাবোল বকিছে বিধায়কগৰাকীয়ে ৷ ক্ষমতাই মূৰত ধৰাৰ বাবেই বিধায়ক দিগন্ত কলিতা আৰু বিজেপিৰ একাংশ লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা পবিত্ৰ স্থান গাংমৌ থানক শ্মশানথলীৰ লগত তুলনা কৰিছে’’ ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে (Congress spokesperson Bornali Phukan criticized bjp MLA Diganta Kalita) ৷
উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে কংগ্ৰেছৰ স্বাধীনতাৰগৌৰৱময় যাত্ৰা । স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি উপলক্ষে (75th Anniversary of Independence) ৰাজ্য অন্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো মঙলবাৰৰ পৰা এই গৌৰৱময় যাত্ৰাৰ আৰম্ভনি কৰা হয় প্ৰথম শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ জন্মভূমি গহপুৰৰ সমষ্টিৰ পৰা ৷