বিশ্বনাথ,29 জুনঃ বিশ্বনাথত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য সকলে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মে' মাহত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে পেট্ৰ'লত 10 টকা আৰু ডিজেলত 13 টকা আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অতিৰিক্ত আৱকাৰী শুল্কৰ ফলত দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ গুৱাহাটীকে ধৰি দেশৰ প্ৰায়ভাগ চহৰতেই প্ৰায় 80 টকালৈকে বৃদ্ধি পাইছিল প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে গৰজি উঠিছে বিভিন্ন দল সংগঠনৰ লগতে বিৰোধী কংগ্ৰেছ দলো ৷
মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ চৰকাৰঃ ৰিপুন বৰা - অসম প্ৰদেশ কংগ্ৰেছ কমিটি
বিশ্বনাথত অসম প্ৰদেশ কংগ্ৰেছ কমিটি উত্তাল প্ৰতিবাদ । পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ দলীয়া সতীৰ্থ সকলে ৷
উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশ্বনাথ জিলাৰ উদ্যোগত সঘনাই বৃদ্ধি হোৱা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে, ৰাজ্যত সঘনাই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা সৰৱ হৈ পৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে । সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশ্বনাথ জিলা কমিতিৰ উদ্যোগত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকি সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰে । আনহাতে অসমত সঘনাই বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ মতামত গ্ৰহণ নকৰাকৈ লক ডাউন দিয়া কাৰ্যৰ বিৰোধিতা কৰে । লগতে অসমত বিজ্ঞান-সন্মতভাৱে লক ডাউন দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতি ৰিপুন বৰাই ।
লগতে পঢ়ক- মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া আৰু শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ