বিশ্বনাথ,5 মাৰ্চ:মহাজোঁটৰ অংশীদাৰী দলৰ সৈতে আসনৰ বুজা-বুজি কৰাকলৈ হোটেলে হোটেলে বৈঠকত বহা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশৰ পাচতে বিহালী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে চিপিআই(এম-এল)ৰ নেতা বিবেক দাসক ৷ শুকুৰবাৰে প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত হোৱাত গুৱাহাটীৰ পৰা গৃহাভিমুখে অহি থকা নেতা গৰাকীক সমষ্টিটোৰ সীমা বুঢ়িগাংত উষ্ম আদৰণি জনাই প্ৰায় ৫ শতাধিক মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু চিপিআই (এম-এল) দলৰ সমৰ্থকে ৷
পৰৱৰ্তি সময়ত চি পি আই( এম এল ) দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিবেক দাসে কয়, বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যকলাপক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ৭ টাকৈ ৰাজনৈতিক দল লগ হৈ মিত্ৰজোঁট গঠন হৈছে। গতিকে এইবাৰ বিহালীত কংগ্ৰেছ আৰু চিপিআই(এম-এল)য়ে উমৈহতীয়াকৈ নিৰ্বাচনত যুঁজ দিব ৷ লগতে যোৱা ৫ টা বছৰে মাথোঁ বিজেপিয়ে মিছা মাতিলে বুলি মত প্ৰকাশ কৰে প্ৰাৰ্থী গৰাকীয়ে ।