বিশ্বনাথ,28 ফেব্ৰুৱাৰী:সমগ্ৰৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যৰ ৰাজনৈতিক দল তথা ৰাজনৈতিক নেতাসকলৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ কি শাসকীয় দল কি বিৰোধী দল, উভয়পক্ষৰে শীৰ্ষ নেতাৰ সোঁত বৈছে অসমলৈ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাচতে সোমবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা বাদ্ৰা ৷
গুৱাহাটী বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাচতে বিশেষ হেলিকপ্টাৰযোগে পোনে পোনে যাত্ৰা কৰিব লখিমপুৰলৈ। লখিমপুৰৰ কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশ গ্ৰহন কৰাৰ পাচত পুনৰ বিশেষ বাহনেৰে যাত্ৰা কৰিব গহপুৰলৈ । গহপুৰত দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নিশাটো কটাব বিশ্বনাথ চাৰিআলিত । পুনৰ ৰাতিপুৱা তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰিব সাকোমঠা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক । ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ বিশ্বনাথ আগমনক লৈ বিশ্বনাথৰ কংগ্ৰেছ কৰ্মীসকল ব্যস্ত হৈ পৰিছে ৷