অসম

assam

ETV Bharat / state

Tea Growers Behali : ভাল কেঁচা চাহপাত দিলে উচিত মূল্য দিয়া হ’ব; বিধায়ক ৰঞ্জিত দত্ত - কাজিৰঙা টি ফেক্টৰী

সোমবাৰে বিহালীত অনুষ্ঠিত হ’ল ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কলঘৰৰ মালিকসকলৰ মাজত এক সজাগতা সভা (Conference with Tea Growers at Behali)৷ সভাত উপস্থিত থাকে বিধায়ক ৰঞ্জিৎ দত্তৰ লগতে বিহালী ক্ষুদ্ৰ চাহ উদ্যোগৰ সভাপতি লক্ষী ভৰালী ৷ ভাল কেঁচা চাহপাত দিলে ভাল মূল্য দিয়া হ'ব বুলি কৃষকসকলক জানিবলৈ দিয়ে বিধায়ক তথা গাংমৌ চাহ কলৰ মালিক ৰঞ্জিৎ দত্তই ৷

Tea Growers Behali
ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কলঘৰৰ মালিকৰ মাজত আলোচনা সভা

By

Published : Jan 30, 2023, 10:05 PM IST

ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কলঘৰৰ মালিকৰ মাজত আলোচনা সভা

বিহালী, ৩০ জানুৱাৰী: ভাল কেঁচা চাহপাত দিলে ভাল মূল্য দিয়া হ'ব কৃষকক ৷ এই মন্তব্য বিধায়ক তথা গাংমৌ চাহ কলৰ মালিক ৰঞ্জিৎ দত্তৰ (MLA Ranjit Dutta)৷ সোমবাৰে বিহালী সমষ্টিৰ চেৰেলী গাংমৌ চাহকল ঘৰৰ (Gangmou Tea Factory) প্ৰাংগণত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কেৰিয়াৰ আৰু কলঘৰৰ মালিকসকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত হয় ৷

বিহালী ক্ষুদ্ৰ চাহ উদ্যোগৰ (Small tea growers Behali) সভাপতি লক্ষী ভৰালী সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ সহকাৰী সঞ্চালক উপাকান্ত দেউৰীয়ে ৷ কৃষকসকলক উন্নত মানৰ কেঁচা চাহপাত যোগান ধৰিবলৈ আহ্বান জনায় বিশ্বনাথ জিলাৰ সহকাৰী সঞ্চালকগৰাকীয়ে ।

আনহাতে, বিহালী গাংমৌ চাহ কলঘৰত যোগান ধৰা উন্নত মানদণ্ডৰ কেঁচা চাহপাত যোগানকাৰী খেতিয়কসকলক উৎসাহিত কৰিবৰ বাবে বিশেষ উপহাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ সভাপতি লক্ষী ভৰালীয়ে আঁতধৰা সভাত গাংমৌ চাহ উদ্যোগৰ হৈ বিহালীৰ বিধায়ক তথা গাংমৌ চাহ উদ্যোগৰ স্বত্বাধিকাৰী তথা বিধায়ক ৰঞ্জিত দত্তই গুণগত কেঁচা চাহপাত যোগান ধৰিবৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলক আহ্বান জনায় ৷

উন্নত কেঁচা চাহপাতৰ দ্বাৰাই উন্নত মানদণ্ডৰ চাহপাত উৎপাদন হয় আৰু দামো বেছি লাভ কৰে ৷ যোৱা বছৰৰে পৰাই গাংমৌ চাহ উদ্যোগে উন্নত মানদণ্ডৰ কেঁচা চাহপাত ক্ৰয় কৰিছে আৰু আন ফেক্টৰীসমূহকো এনে ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷

এই সভাত ভাৰতীয় চাহ বোৰ্ডৰ(Tea Board of India) তেজপুৰ শাখাৰ সহ-সঞ্চালক উমাকান্ত দেউৰী উপস্থিত থাকি ভাৰতীয় চাহবোৰ্ডৰ দ্বাৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক উন্নত মানদণ্ডৰ কেঁচা চাহপাত দিবৰ বাবে অনুৰোধ কৰে ৷

বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ডাঃ ৰঞ্জন গগৈ উপস্থিত থাকি ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক নিজৰ চাহ বাগিচাৰ যত্ন ল’বলৈ কোৱাৰ উপৰিও উন্নত মানদণ্ডৰ কেঁচা চাহপাত উৎপাদনৰ বাবে আহ্বান জনায় ৷

আনহাতে, সোমবাৰে উন্নত মানদণ্ডৰ কেঁচা চাহপাত যোগানকাৰী ২৯ জন লোকক উপহাৰ প্ৰদান কৰা হয় ৷ উক্ত সভাত কাজিৰঙা টি ফেক্টৰীৰ (Kaziranga tea factory) শ্যামন্ত কুমাৰ ভট্টাচাৰ্য, পৃচনীভা টি ফেক্টৰীৰ ভৱানী আচাৰ্য, বনজাৰা টি ফেক্টৰীৰ সুমন শৰ্মা, বিহালী টি ফেক্টৰীৰ লক্ষী ভৰালী আৰু টিৰাপ গৌতম উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক:Cabinet Meeting in Dibrugarh : তেজপুৰতো ৰাজভৱন নিৰ্মাণৰ সিদ্ধান্ত অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details