অসম

assam

ETV Bharat / state

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ সদৌ অসম টেট শিক্ষক যৌথ মঞ্চ আৰু সাংবাদিক সুৰক্ষা মঞ্চ বিশ্বনাথ জিলা সমিতিৰ । বুধবাৰে পুৱা ৬.৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷

By

Published : May 12, 2021, 4:54 PM IST

condolence-at-homen-borgohain-death
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ

বিশ্বনাথ,১২ মে': বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ সদৌ অসম টেট শিক্ষক যৌথ মঞ্চ আৰু সাংবাদিক সুৰক্ষা মঞ্চ বিশ্বনাথ জিলা সমিতিৰ । সংবাদ জগতৰ পিতৃস্বৰূপ তথা বিশিষ্ট সাহিত্যিক হোমোন বৰগোহাঞিয়ে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । যোৱা ৭ মে'ত চিকিৎসালয়ৰ পৰা ক’ভিড মুক্ত হৈ স্বগৃহলৈ উভতিছিল যদিও বুধবাৰে পুৱতি নিশা প্ৰায় মান ৩ বজাত তেখেত বিচনাৰ পৰা ঢলি পৰে । বৰগোহাঞিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰায় ৬.১৫ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৬.৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ

মৃত্যুৰ আগমুহুৰ্তলৈকে তেওঁ জনপ্ৰিয় অসমীয়া বাতৰি কাকত 'নিয়মীয়া বাৰ্তা' ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ । বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ কৰে বিশ্বনাথ জিলা সাংবাদিক সংস্থাই । ইফালে সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰয় আৰু সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ বিশ্বনাথ জিলা সমিতি সাধাৰণ সম্পাদক ভূপেন বৰাই সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক :তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা

ABOUT THE AUTHOR

...view details