অসম

assam

ETV Bharat / state

বিশ্বনাথৰ জনপ্ৰিয় কন্ঠশিল্পী মানস ভাগৱতীৰ প্ৰশাংসনীয় পদক্ষেপ - স্মাশান

বিশ্বনাথৰ জনপ্ৰিয় কন্ঠশিল্পী মানস ভাগৱতীৰ প্ৰশাংসনীয় পদক্ষেপ । কন্ঠ শিল্পী গৰাকীৰ একক প্ৰচেষ্টাৰে স্মাশানত গছ পুলি ৰোপণ ।

commendable-job-by-manas-bhagawati-by-planting-trees
বিশ্বনাথৰ জনপ্ৰিয় কন্ঠশিল্পী মানস ভাগৱতীৰ প্ৰশাংসনীয় পদক্ষেপ

By

Published : May 15, 2021, 10:38 PM IST

বিশ্বনাথ, ১৫ মে': গছ থাকিলেহ মানুহ থাকিব । কিন্তু মানৱ জাতিৰ অবিবেচক কাৰ্যৰ জৰিয়তে অবাধ ভাৱে গছ-গছনি কাটি ধংস কৰাৰ ফলত জলবায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে ৷ ৷ গোলকীয় উত্তাপন বৃদ্ধিয়ে সমগ্ৰ মানৱ জাতিৰ লগতে জীৱকুলৰ অস্তিত্বৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ।

এনে সময়তে বিশ্বনাথ চাৰিআলিৰ শিৰোমণি খ্যাত জনপ্ৰীয় কন্ঠ শিল্পী মানস ভাগৱতীৰ প্ৰসংশনীয় পদক্ষেপ । বিশ্বনাথৰ কণ্ঠশিল্পী মানস ভাগৱতীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে বিশ্বনাথত গ্ৰহণ কৰিছে মানৱ জাতিক ৰক্ষা কৰাৰ এখন যুজঁ ।

গছ-গছনি নোহোৱাৰ ফলত মানৱ জাতিয়ে যি সময়ত এক সংকটময় পৰিস্থিতিৰ সন্মুখীন হৈছে সেই সময়তে কন্ঠশিল্পী গৰাকীয়ে বিশ্বনাথৰ ফলফলি স্মাশানত ব্যস্ত হৈ পৰিছে গছ পুলি ৰোপণত । কন্ঠশিল্পী গৰাকীৰ মতে একাংশ লোকে গছ-গছনি কাটি শেষ কৰাৰ বাবে সম্প্ৰতি জলবায়ুৰ তাৰতম্য সৃষ্টি হৈছে । যাৰ বাবে কণ্ঠ শিল্পী গৰাকীয়ে বিশ্বনাথ ফলফলিস্থিত স্মাশান পৰাই আৰম্ভ কৰিছে মানৱ জাতীক ৰক্ষা কৰাৰ যুজঁ খন । তেওঁ আৰম্ভ কৰা এই গছ পুলি ৰোপণ কাৰ্যসূচী অনাগত দিনতো চলাই যাব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক :ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details