অসম

assam

ETV Bharat / state

বিশ্বনাথত NDFBয়ে নিৰীহ লোকৰ তেজেৰে ফাকু খেলা ঘটনাৰ আজি পঞ্চম বাৰ্ষিকী - শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

2014 চনৰ আজি দিনটোত বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী গাৱঁত দুধৰ্ষ এনডিএফবি(এছ)ৰ কেডাৰে 30 জন লোকক গুলীয়াই হত্যা কৰিছিল ৷ সেই মৃত লোক সকলক সোঁৱৰি সোমবাৰে বিশ্বনাথৰ ফুলবাৰীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

biswanath
বিশ্বনাথ

By

Published : Dec 23, 2019, 11:55 PM IST

বিশ্বনাথ, 23 ডিচেম্বৰঃ2014 চনৰ আজি দিনটোতে বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী গাৱঁৰ নিৰীহ ব্যক্তিৰ তেজেৰে ফাকু খেলিছিল দুধৰ্ষ এনডিএফবি(এছ)ৰ কেডাৰ সকলে। শূণ্য দূৰত্বৰ পৰা কণমানিৰ পৰা বৃদ্ধলৈকে 30 জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰিছিল NDFBৰ কেডাৰ সকলে । সেই 23 ডিচেম্বৰৰ দিনটো বিশ্বনাথবাসীৰ বাবে হৈ পৰিছিল ক'লা দিন । সোমবাৰে এই অভিশপ্ত দিনটোৱে পঞ্চম বৰ্ষত ভৰি দিয়ে । কিন্তু পৰিতাপৰ বিষয় এই যে, চৰকাৰে আজিকোপতি হত্যাকাৰীক শাস্তি প্ৰদান কৰিবলৈ সক্ষম নহ'ল ৷

সেই ঘটনাটো সংঘটিত হোৱা সময়ত কেন্দ্ৰীয় চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে ঘটনাৰ বুজ ল'বলৈ বিশ্বনাথ জিলাত উপস্থিত হৈছিল আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে সিঙে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ঘোষণা কৰিছিল যদিও সেই পৰিকল্পনা ঘোষণাতে সীমাবদ্ধ থাকিল। অঞ্চলটোত সুৰক্ষাৰ বাবে এখন স্থায়ী আৰক্ষী নিৱেশ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে । কিন্তু দুৰ্ভাগ্যজনক যে আজিকোপতি গৃহমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অঞ্চলটোত স্থায়ী আৰক্ষী চকী স্থাপন কৰা নহ'ল ৷ মাথোঁ অস্থায়ীভাৱে স্থাপন কৰা আৰক্ষী নিৱেশতেই সীমাবদ্ধ থাকিল চৰকাৰৰ ঘোষণা । আনহাতে অঞ্চলবাসীৰ অভিযোগ অনুসৰি অঞ্চলটোত যাতায়াত আৰু শৈক্ষিক ব্যৱস্থাও তথৈবচ ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উল্লেখ্য যে, সেই অভিশপ্ত দিনটোত দুধৰ্ষ এনডিএফবি(এছ)ৰ গুলীত শ্বহীদ হোৱা সকলক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে সোমবাৰে বিশ্বনাথৰ ফুলবাৰীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্থানীয় সমাজকৰ্মী কুৰ্বেশ্বৰ মাৰাণ্ডীয়ে আঁতধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ চাওতাল ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সুভাষ বাস্তীয়ে আদৰণি ভাষণ আগবঢ়ায়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী, অসম পণ্যগাৰ নিগমৰ অধ্যক্ষ তথা বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিগন্ত ঘাটোৱাৰ , পাভৈ জিলা পৰিষদৰ সভানেত্ৰী গায়ত্ৰী কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক কুবেৰ শৰ্মা, সমাজকৰ্মী হৰি শৰ্মা, মণিৰাম ৰংহাং, ৰঞ্জন ৰাউতীয়া, বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা গৌতম গোৱালা, তিনিসুতি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভৰত কটোৱাল, চাওতাল ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক চ'ম সুৰেন, শিক্ষক চন্দন ৰাজপুত, খগেন প্ৰজাকে ধৰি প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহন কৰি মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হত্যাকাৰীক উচিত শাস্তিৰ দাবী জনায়।

লগতে পঢ়ক - ঘণ্টাজোৰা সংবাদমেলত কি কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই !

ABOUT THE AUTHOR

...view details