বিশ্বনাথ, ২৮ জুলাইঃ মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে গহপুৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মা কল্যাণী দেৱালয় ৷ মা কল্যাণী দেৱালয়ত মুখ্যমন্ত্ৰী সোণোৱালে আশীৰ্বাদ লোৱা সময়ত সংগ দিয়ে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত,মন্ত্ৰী কেশৱ মহন্ত,সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰাই ৷ আনহাতে এই দেৱালয়ৰ পৰা গহপুৰলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকী ৷
উল্লেখযো গ্য যে গহপুৰৰ সমষ্টিত তথা উত্তৰ অসমৰ অন্যতম এখন দেৱালয় হৈছে মা কল্যাণী দেৱালয় ৷ 1953 চনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মুল দেৱালয়ভাগ ধংস হোৱাত পুৰোহিত সকলে ইয়াক দ্বি-খণ্ডিত কৰি এভাগ দিপৰা পুখুৰীৰ উত্তৰ পাৰত স্থাপন কৰে আৰু আন ভাগক চাৰিঙীয়া পুখুৰী পাৰত স্থাপন কৰে ৷ এই দেৱালয় খন বাৰভুঞা সকলৰ প্ৰখ্যাত শক্তিপীঠ আছিল ৷