চতিয়া,27 জুলাই :অৱশেষত সোমবাৰৰ পৰা সংৰক্ষিত হ’ল ঐতিহাসিক চতিয়া থানাখন ৷ সোমবাৰে সন্ধিয়া প্ৰায় 5.10 বজাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চতিয়াত উপস্থিত হৈ নৱনিৰ্মিত থানা গৃহটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷
চতিয়া থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ লগতে পঢ়কঃভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন
চতিয়াত উপস্থিত হৈ নৱনিৰ্মিত গৃহটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি মন্ত্ৰীজনে এক সভাও সম্বোধন কৰে ৷ এই সভাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া চতিয়া পৰিদৰ্শন বঙলাৰ আধাৰশিলাৰ স্থাপন কৰে ৷
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চতিয়াত উপস্থিত হোৱা মূখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী ৰঞ্জিত দত্ত,তেজপুৰৰ সাংসদ পল্লৱলোচন দাস,গহপুৰৰ বিধায়ক উৎপল বৰা,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
উল্লেখ্য যে ১৯১৩ চনতে স্থাপন হোৱা এই থানাখনতে 1942 চনৰ 20 আগষ্ট তাৰিখে বিনা ৰক্তপাতে ব্ৰিটিছ ইউনিয়ন জেক আতঁৰাই চতিয়াৰ বহু কেইজন সুদুৰপ্ৰসাৰী মুক্তি যুঁজাৰুৱে ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল আৰু সেই মহান লোকসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবেই ব্ৰিটিছে প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক থানা সংৰক্ষণ কৰা হ’ল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ঐতিহাসিক থানাখনৰ কিছু তথ্য সেই সময়ত চতিয়াৰ সেনানীক আন্দোলনৰ নেতৃত্ব দিয়া প্ৰয়াত কমলাকান্ত দাসৰ লগতে গহপুৰত শ্বহীদ হোৱা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ উপৰিও সেই আন্দোলনত শ্বহীদ হোৱা লোকসকলক শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, আৰু বহু এনে ঐতিহাসিক থানা আৰু সামগ্ৰী আছে যিবোৰৰ সংৰক্ষণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ এই ক্ষেত্ৰত মন্ত্ৰী কেশৱ মহন্তকো গুৰুত্ব দিয়াৰ আহ্বান জনায় ৷ আনহাতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰাইজক নিজকে বচাই ৰখাৰ বাবে আহ্বান জনাই মূখ্যমন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত চৰকাৰ সফল হোৱা বুলি মন্তব্য কৰি চতিয়াৰ প্ৰতিজন লোকেই একোজনকৈ সংগ্ৰামী লোক বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়কঃদেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ