বিশ্বনাথ, 22 জুন:বৃহস্পতিবাৰে বিশ্বনাথ মহকুমাৰ বিহালী সমষ্টিৰ জিনজিয়া আৰু বিশ্বনাথ সমষ্টিৰ চাহ বাগিচাত নিৰ্মাণ কৰা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিহালীৰ জিনজিয়া চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কেটেলা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ পাভৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বিদ্যালয় উদ্বোধনৰ পাচত এক সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পোহৰ পাবলৈ দূৰৈলৈ যাব নালাগে ৷ এতিয়া পৰা প্ৰাথমিক বিদ্যালয়ত পঢ়া পিচত উচ্চ আৰু উচ্চতম মাধ্যমিক বিদ্যালয় পঢ়িবলৈ বাহিৰলৈ যাব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
হাইস্কুল উত্তীৰ্ণ হোৱাৰ পাচত মহাবিদ্যালয়ত অধ্যয়নৰ বাবে বাহিৰলৈ যাতে যাব নালাগে তাৰ প্ৰতি লক্ষ্যৰাখি বাগিচা অঞ্চলত শীঘ্ৰেই মহাবিদ্যালয় খোলাৰ বাবেও চিন্তা-চৰ্চা কৰি থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰাজ্যত চাহ বাগিচাসমূহত 119 খন আদৰ্শ বিদ্যালয় স্থাপন হৈছে আৰু অনাগত দিনবোৰত আৰু 100 খন আদৰ্শ বিদ্যালয় হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷