অসম

assam

ETV Bharat / state

ধেমাজিলৈ গৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

ধেমাজিত অসম মাইক্ৰ’ফাইনেঞ্চৰ উদগনি আৰু সহায় আচঁনি ২০২১ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ চেক বিতৰণ (Assam CM distributing cheque to micro finance debtors) ৷ ধেমাজিলৈ গৈ ব্যৱসায়িকভাৱে খেলোৱা জুৱা বন্ধ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

CM Himanta Bishwa in Dhemaji
ধেমাজিলৈ গৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

By

Published : Jan 2, 2022, 9:53 PM IST

ধেমাজি, 2 জানুৱাৰী : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হয় অসম মাইক্ৰ’ফাইনেঞ্চৰ উদগনি ৰেহাই ২০২১ আচঁনি ৷ ধেমাজী কাছাৰী ময়দানত 5169 গৰাকী মহিলাক অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ যোগেদি চেক প্ৰদান মুখ্যমন্ত্ৰীৰ (Assam CM distributing cheque to micro finance debtors) ৷ ধেমাজিৰ মুঠ ৫১৬৯ গৰাকী ঋণী মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ ৷

মুঠ ১৯ কোটি ২৬ লাখ ৯৮ হাজাৰ সাহায্যযুক্ত চেক প্ৰদান কৰিব ধেমাজি জিলাত পৰ্যায়ক্ৰমে ৷ মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ, শিক্ষা মন্ত্ৰী ৰনোজ পেগু, শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণ, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাজনো বিধায়ক ৷ 1 ফেব্ৰুৱাৰীৰ পৰা একেবাৰে ঋণ ঘূৰাই নিদিয়া সকলৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰিব চৰকাৰে ৷

ধেমাজিলৈ গৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

চেক প্ৰদান অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাৰ দৰে এইবাৰ তীৰ খেলৰ বিৰুদ্ধে চলিব অভিযান ৷ ব্যৱসায়িকভাৱে খেলোৱা জুৱা বন্ধ হ’ব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ (Assam CM on prohibition on gambling) ৷ 31 ডিচেম্বৰৰ দৰে উৰুকাতো সুৰাপানৰ ক্ষেত্ৰত থাকিব বিশেষ নিয়ম থাকিব বুলিও মন্তব্য ড৹ শৰ্মাৰ ৷

লগতে পঢ়ক :Assam police SP's conference : আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

ABOUT THE AUTHOR

...view details