বিশ্বনাথ, 2এপ্ৰিলঃ ৯ নং লোক সভাৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিশ্বনাথৰ উত্তৰ মৰল গাৱঁত আজি উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
এ পি এছ চিৰ কেলেংকাৰী নিমূৰ্ল কৰি দুৰ্নীতিমুক্ত কৰিলে বিজেপিয়ে: সৰ্বানন্দ সোণোৱাল - বিশ্বনাথ
৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে কাৰণ তেওঁলোকৰ সততা নিষ্ঠাৰ অভাৱ আৰু তেওঁলোকে ব্যক্তি পুজা কৰে । কংগ্ৰেছে প্ৰচলিত শাসন ব্যৱস্থাক দুৰ্বল কৰিলে । কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান কিন্তু মোডীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে ।

বিশ্বনাথৰ মৰলগাৱঁত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ হৈ প্ৰচাৰ সভাত অংশ গ্ৰহণকৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে আৰু লগতে কয় যে ৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে কাৰণ তেওঁলোকৰ সততা নিষ্ঠাৰ অভাৱ আৰুতেওঁলোকে ব্যক্তি পুজা কৰে । কংগ্ৰেছে প্ৰচলিত শাসন ব্যৱস্থাক দুৰ্বল কৰিলে । কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান কিন্তু মোডীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে । বহু বস্তুৰ অনুমোদন দিছে । ৰাজ্য চৰকাৰৰ বয়স হৈছে মাত্ৰ ২ বছৰ দুমাহ সেই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যথেষ্ট উন্নয়ন হৈছে । বৰাক উপত্যকাতো সমানে গুৰুত্ব দিছে । বৰাক নদীৰ ওপৰত ৩ খন দলং হৈছে ।
ভাষণত মুখ্যমন্ত্ৰীয়েএ পি এছ চিৰ কেলেংকাৰী নাইকীয়া কৰি দুৰ্নীতি মুক্ত কৰিলে বিজেপিয়ে বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে মোডীৰ নেতৃত্বত আটাইতকে শক্তিশালী দেশ হিচাবে আগন্তুক দিনত প্ৰতিষ্ঠা লাভ কৰিব বুলি ভাৰতে ৷ তেওঁ আৰু কয় যে চীনে আক্ৰমন কৰাৰ কথা শোণিতপুৰীয়া ৰাইজৰ ভালদৰে মনত আছে আৰু সেই সময়ত পলায়ন কৰিছিল কংগ্ৰেছ নেতাই । মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত পুলৱামা ঘটনাৰ পিছত ভাৰতীয় সৈন্যবাহিনীয়ে পাকিস্তানৰ ভিতৰত সোমাই প্ৰত্যুত্তৰ দিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিৰ নীতি হৈছে সম্প্ৰীতি, সমন্নয়ন আৰু উন্নতি । পল্লৱ লোচন দাস দক্ষ আৰু কৰ্মযোগী নেতা । পল্লৱ লোচনক তেজপুৰৰ পৰা দিল্লীলৈ পঠিয়ালেহে তেজপুৰৰ মৰ্যদা অক্ষুন্ন থাকিব । সেইহে, সমূহ ৰাইজে পল্লব লোচন দাসক ভোট দান কৰি বিপুল ভোটত জয় যুক্ত কৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।