বিশ্বনাথ,৬ জুন:কৰ'ণা কালৰ মাজতে অসমৰ ৰাইজৰ বাবে আন এক চিন্তাৰ কাৰণ হ'ল বানপানী । বাৰিষা অহাৰ লগে লগে এতিয়া চিন্তিত নৈপৰীয়া ৰাইজ । ৰাজ্যখনৰ নদীসমূহেও কাল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে ।
ইয়াৰ মাজতে হঠাৎ অহা বৰষুণৰ ফলত শনিবাৰে হাহাকাৰ পৰিৱেশ সৃষ্টি হয় গহপুৰত । কিয়নো গহপুৰত পুনৰ চত্ৰং নদীয়ে লৈছে ভয়ংকৰ ৰূপ । যাৰ পৰিণতিত চত্ৰং নদীৰ মথাউৰি ভাঙি প্লাবিত হ'ল বিস্তীৰ্ণ অঞ্চল । মথাউৰিৰ অংশটো ভাঙি যোৱাত বিস্তীৰ্ণ অঞ্চল পানীয়ে বুৰাই পেলোৱাৰ লগতে বাট পথ ছিগি যাতায়ত ব্যাহত হোৱা দেখা গ'ল ।
ইয়াৰ পিছতে এতিয়া ক্ষোভিত হৈছে ৰাইজ । দীৰ্ঘদিন ধৰি চত্ৰং নদীয়ে বানৰ সৃষ্টি কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । একপ্ৰকাৰ বান নিয়ন্ত্ৰণত ব্যৰ্থ জলসম্পদ বিভাগ (Water Resources) । বহু সময়ত উক্ত মথাউৰিটো নিৰ্মাণৰ দাবী কৰি আহিছিল যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব নিদিলে যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।