বিশ্বনাথ,19 জুন : শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ চকুৰ সন্মুখত দুই সতীৰ্থক হেৰুৱালে এজন কিশোৰে । জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিও বিফল হ'ল এজন সাহসী কিশোৰ । এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ চাৰিআলিৰ সাধাৰু নৈত । ১১ জন কিশোৰ একেলগে গা ধুবলৈ গৈছিল সাধাৰু নদীত । কিন্তু হঠাৎ বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল ২ কিশোৰক । যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিশ্বনাথ জিলাত ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনা সংঘটিত হৈছিল শুক্ৰবাৰে দিনৰ প্ৰায় ২ বজাত । বিশ্বনাথৰ নীলপুৰৰ ২ কিশোৰ ক্ৰমে জুলু টুকু আৰু জনৈক টাকলু সাধাৰু নৈত গা ধুবলৈ গৈছিল আন ৯ জন সতীৰ্থ সৈতে । কিন্তু তাতে ঘটিল অঘটন । 11 জনৰ ভিতৰত ১২/১৩ বছৰীয়া ২ জন কিশোৰে প্ৰথমে গা ধুইবলৈ নদীত নামি যায় ৷ তেনে সময়তে হঠাৎ বাঢ়নী পানীয়ে উটোৱাই লৈ যায় দুই সতীৰ্থক । ফলত দুই সতীৰ্থ সন্ধানহীন হৈ পৰে নদীত ।
লগে লগে সন্ধানহীন দুই কিশোৰৰ বন্ধুৱে উক্ত ঘটনাৰ সন্দৰ্ভত অৱগত কৰে তেওঁলোকৰ পৰিয়ালৰ লোকক ৷ তাৰ পাচতেই সন্ধিয়া পৰলৈকে সন্ধানহীন দুই কিশোৰক নৈখনৰ চাৰিওকাষে বিচাৰে যদিও কোনো শুং-সূত্ৰ লাভ নকৰিলে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ৷