অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঐতিহাসিক চতিয়া থানাত - চতিয়া থানা

স্বাধীনোত্তৰ ভাৰত তথা অসমৰ ভিন্ন গৌৰৱোজ্বল অধ্যায়ৰ সাক্ষী হৈ ৰৈছে চতিয়া থানা ৷ ইতিমধ্যে থানাখনৰ পুৰণি ভৱনটোক অভিহিত কৰা হৈছে ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে ৷ সোমবাৰে থানাখন ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ঐতিহাসিক চতিয়া থানা
ঐতিহাসিক চতিয়া থানা

By

Published : Jul 27, 2020, 11:29 AM IST

বিশ্বনাথ, 27 জুলাই:ঐতিহাসিক চতিয়া থানা ৷ স্বাধীনোত্তৰ ভাৰত তথা অসমৰ ভিন্ন গৌৰৱোজ্বল অধ্যায়ৰ সাক্ষী হৈ ৰৈছে থানাখন ৷ অতি বুদ্ধি আৰু কৌশলেৰে 1942 চনৰ 20 আগষ্টৰ পুৱা ভিন্ন লোকৰ সহযোগত চতিয়া মৃত্যু বাহিনীৰ গোলোক শইকীয়াই চতিয়া মৃত্যুবাহিনী আৰু চতিয়া হাইস্কুলৰ ছাত্ৰৰ সহযোগত, চতিয়াবাসী ৰাইজ একত্ৰিত হৈ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত বিনা ৰক্তপাতে উত্তোলন কৰিছিল ভাৰতীয়ৰ অভিমান ত্ৰিৰংগা পতাকা ৷ চতিয়াৰ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, 1833 চনতে স্থাপন হৈছিল চতিয়া মহকুমাৰ ৷ তেতিয়াৰ পৰাই থানাখন আছে বুলি অনুমান কৰে স্থানীয় লোকসকলে ৷ লগতে 1909 চনত এই থানাখন মেৰামতিৰ বাবে তদানীন্তন ইংৰাজ চৰকাৰৰ তৰফৰ পৰা অনুদান দিয়া হৈছিল 555 টকা ৷ 1913 চনত মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাচতে থানাখন চমজাই দিয়া হৈছিল চৰকাৰক ৷ সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ চতিয়া-নদুৱাৰ অঞ্চলটো পৰিচালনা কৰিছিল চতিয়া থানাৰ পৰাই ৷ তেনে সময়তে কোনো ধৰণৰ কন্দল নোহোৱাকৈয়ে অতি বুদ্ধিমত্তা তথা কৌশলেৰে সেই সময়ত থানা খনৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হলিৰাম ডেকা আৰু সহকাৰী পৰিদৰ্শক গৰাকীৰ সহযোগিতাত 1942 চনত চতিয়া থানাত উত্তোলন কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ জাতীয় পতাকা ৷

ঐতিহাসিক চতিয়া থানা

স্বাধীনোত্তৰ ভাৰতৰ এনে বহুতো ইতিহাসৰ সাক্ষী এই থানাখনৰ দায়িত্ব সম্প্ৰতি গ্ৰহণ কৰিছে পুৰাতত্ব বিভাগে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে দিনৰ প্ৰায় ২:৩০ বজাত থানাখন ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দেশৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতি বিজড়িত চতিয়া থানাৰ পুৰণি ভৱনটোক অভিহিত কৰা হৈছে ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে ৷ চতিয়া থানাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী অহাৰ প্ৰাকক্ষণত থানাখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তাৰ ব্যৱস্থা ৷ সাজু কৰি তোলা হৈছে অনুষ্ঠানৰ সকলো ব্যৱস্থা ৷

মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঐতিহাসিক চতিয়া থানাত

লগতে পঢ়ক:কাৰ্গিল যুদ্ধত প্ৰতিকূল বতৰ আৰু ভূ-ভাগৰ প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details